সাংবাদিক সকলে বিবেকেৰে সমাজখনক উন্নত ৰূপত গঢ় দিব লাগিব: মুখ্যমন্ত্ৰী সোণোৱাল

_I7B7731

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত সাংবাদিক ফেল’শ্বিপ ২০১৮’ প্ৰদান অনুষ্ঠানৰ এটি মুহূৰ্ত।

‘সাংবাদিকৰ হাতত কলম আছে, বিবেক আছে আৰু তেওঁলোকে বিবেকেৰে সমাজখনক উন্নত ৰূপত গঢ় দিব লাগিব,’- সাংবাদিকক উদ্দেশ্যি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত সাংবাদিক ফেল’শ্বিপ ২০১৮’ আঁচনি আৰু ৰাজস্থানলৈ সাংবাদিকৰ  শুভেচ্ছামুলক ভ্ৰমণৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলক সমাজৰ স্বাৰ্থত নিষ্ঠা আৰু সততাৰে নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই যাবলৈ আহ্বান জনায়।

তেওঁ কয়, ‘সাংবাদিকসকলৰ দৃষ্টি আন মানুহতকৈ বেলেগ। সেইবাবেই তেওঁলোকে ভুলবোৰ আঙুলিয়াই দিব পাৰে। সাংবাদিকসকলে সমাজত ‘এন্টিভাইৰাচ’ৰ দৰে কাম কৰে। মুখ্যমন্ত্ৰীয়ে লগতে চৰকাৰ তথা প্ৰশাসনক গঠনমুলক সমালোচনাৰে ৰাজ্যখনক আগুৱাই নিয়াৰ স্বাৰ্থত সহায় কৰিবলৈ আহ্বান জনায়।

এই অনুষ্ঠানত পোন প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত ৰাজ্যৰ ২০ গৰাকী সাংবাদিকক ফেল’শ্বিপ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও গ্ৰাম্য সাংবাদিকতাৰ ক্ষেত্ৰখনৰ পৰা বাচনি হোৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২০ গৰাকী সাংবাদিকৰ এটা দলক ৰাজস্থান ভ্ৰমণৰ বাবে ‘জাৰ্ণেলিষ্ট কিট’ প্ৰদান কৰে।

অনুষ্ঠানত তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে প্ৰকাশ কৰি উলিওৱা ‘অন্তৰংগ’ নামৰ ছমহীয়া আলোচনীখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰে।

অনুষ্ঠানত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাই সাংবাদিকতাৰ ক্ষেত্ৰখনৰ বাবে চৰকাৰে লোৱা ব্যৱস্থাৰ শলাগ লয়। তেওঁ কয়, ‘আমাৰ সাংবাদিকসকলে চৰকাৰৰ ফালৰপৰা যি গুৰুত্ব পাবলগীয়া আছিল সেয়া কিছু পলমকৈ হ’লেও পাইছে। অসমৰ সাংবাদিক সকলে ভাৰতবৰ্ষৰ আন আন প্ৰান্তৰ সাংবাদিকৰ লগত একেলগে কাম কৰিব পৰা হৈছে।‘

অনুষ্ঠানত সাংবাদিক ফেল’শ্বিপ ২০১৮’ ৰ বাচনি কমিটিৰ সদস্য তথা বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে ভাষণ প্ৰদান কৰি ফেল’শ্বিপৰ বাবে নিৰ্বাচিত সাংবাদিকসকলৰ বাবে অ’ৰিয়েন্টেশ্যন ক’ৰ্চ ৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকৰ গৱেষণা পত্ৰসমুহ সংৰক্ষণ কৰিবলৈ  তথ্য আৰু জনসংযোগ বিভাগক আহ্বান জনায়।

উল্লেখ্য যে, অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে পোন প্ৰথমবাৰৰ বাবে প্ৰদান কৰা এই সাংবাদিক ফেল’শ্বিপৰ বাবে ৰাজ্যৰ মুঠ ৬৬ গৰাকী সাংবাদিকে আবেদন কৰিছিল। ফেল’শ্বিপৰ বাচনি কমিটিত অনুৰাধা শৰ্মা পূজাৰীৰ উপৰিও বিশিষ্ট সাংবাদিক তথা লেখক দিগন্ত ওজা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক চন্দন কুমাৰ গোস্বামী আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক তৃষা দুৱৰা বৰুৱা সদস্য হিচাপে আছিল।

এই অনুষ্ঠানতেই বিশিষ্ট সাহিত্যিক ড: লক্ষ্মীনন্দন বৰা, জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱা আৰু ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীক সম্বৰ্ধনা জনোৱা হয়।

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে প্ৰদান কৰা এই সাংবাদিক ফেল’শ্বিপ লাভ কৰিবলৈ সক্ষম হৈছে নৰ্থ ইষ্ট নাওৰ সাংবাদিক আছিফ ইব্ৰাহিমে। ইব্ৰাহিমে ‘Changing face of Assamese cinema: Challenges, obstacles and opportunities বিষয়ত গৱেষণা কৰিব।

বুধবাৰৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত মুখ্য সচিৱ এ কে সিং, সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱা প্ৰমুখ্য ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।