সান্ধ্য আইন জাৰি কৰাক লৈ শ্বিলঙত অগ্নিগৰ্ভা পৰিস্থিতি

WhatsApp

বৃহস্পতিবাৰে মাজনিশা মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ মটফ্ৰানত এদল উত্তেজিত জনতা আৰু আৰক্ষীৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ জাৰি কৰা সান্ধ্য আইন বৰ্তমানো শিথিল কৰি দিয়া হোৱা নাই। সম্প্ৰতি ইয়াকে লৈ পাহাৰীয়া জিলাখনৰ প্ৰাণকেন্দ্ৰ হিচাপে পৰিচিত শ্বিলঙত এতিয়া চেপা উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে উত্তেজিত জনতাৰ দলটোৱে শুকুৰবাৰে পুৱাৰ ভাগলৈ মটফ্ৰানত জুম বান্ধি থেম লিউ মাওলঙলৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে খাপ পিটি ৰৈ আছিল।

উত্তেজিত লোকসকলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে নিশা কন্দুৱা গেছ প্ৰয়োগ কৰিছিল যদিও লোকসকলে মটফ্ৰানৰ পৰা আঁতৰি নোযোৱাত সান্ধ্য আইন জাৰি কৰিবলৈ বাধ্য হৈ পৰিছিল প্রশাসন। আনহাতে পাছৰ পৰ্যায়ত মাউখাৰৰ লগতে অন্যান্য ঠাইতো হিংসা বিয়পি পৰাৰ বাতৰি পোৱা গৈছে।

পূব খাচী পাহাৰ জিলাৰ উপায়ুক্ত পিটাৰ এছ ডিয়ে প্ৰকাশ কৰিছে যে লুমডিয়েনগিৰি আৰক্ষী চকীৰ আন্তৰ্গত জোৱাই, মাউখাৰ, উমছ’ছুন, মিছন, মাউপ্ৰেম, লামভিলা, ছানী হিল, মাউলং হাট আদিৰ লগত আন কেতবোৰ অঞ্চলত শকুৰবাৰে পুৱা প্ৰায় ৪ বজাৰ পৰা শ্বিলঙত আইন- শৃংখলা বজাই ৰখাৰ স্বাৰ্থতে সান্ধ্য আইন জাৰি কৰা হৈছে।

ইয়াৰ ফলত শ্বিলঙত জনতাৰ লগতে পৰ্যটকসকলে ব্যাপক অসুবিধাৰ সন্মুখীন হ’বলগা হৈছে।স্বাভাৱিকতে ইয়াৰ ফলত শ্বিলঙত বৰ্তমান এক চেপা উত্তেজনাই বিৰাজ কৰিছে।