সামগ্ৰী কঢ়িওৱা গধূৰ বাহনে নিয়ম উলংঘা কৰিছে পাঠশালা চহৰত

দিনৰ সময়ছোৱাত পাঠশালা চহৰত এখন সামগ্ৰী কঢ়িওৱা ট্ৰাক দেখা গৈছে।

দিনৰ সময়ছোৱাত পাঠশালা চহৰত এখন সামগ্ৰী কঢ়িওৱা ট্ৰাক দেখা গৈছে।

বৰপেটা জিলাৰ পাঠশালা চহৰত পাঠশালা আৰক্ষীয়ে চহৰ অঞ্চলৰ প্ৰতিটো প্ৰৱেশ পথতে সামগ্ৰী কঢ়িওৱা গধূৰ যান-বাহনসমূহ ৰাতিপুৱা ৮ বজাৰ পৰা গধূলি ৮ বজালৈ প্ৰৱেশ নিষিদ্ধ কৰি জননী ফলক আঁৰিছে।

কিন্তু দেখা গৈছে যে গধূৰ যান-বাহনসমূহ চহৰখনত গোটেই দিন ধৰি বাধাহীনভাৱে প্ৰৱেশ কৰি আহিছে। ইয়াৰ ফলত সঘনাই যান জঁট হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী, কাৰ্যালয়লৈ যোৱা লোককে ধৰি সাধাৰণ লোকৰ বাবে ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে।

ৰাজ্যখনৰ শিক্ষিত লোকসকলৰ মতে পাঠশালা চহৰখনক শিক্ষাৰ এক কেন্দ্ৰ হিচাপে ধৰা হয় কিন্তু লক্ষ্য কৰা যায় যে চৰকাৰী নিয়ম ভংগ কৰি যিকোনো সময়তে ব্যৱসায়িক গধূৰ যান-বাহনসমূহ চহৰৰ ভিতৰত প্ৰৱেশ কৰাৰ ফলত চহৰখনৰ সাধাৰণ নাগৰিকৰ বাবে অসহনীয় হৈ পৰিছে।

এনেধৰণৰ গধূৰ যান-বাহনৰ প্ৰৱেশৰ ফলত আটাইতকৈ বেছি যাতনা ভূগিবলগীয়া হৈছে স্কুল-কলেজলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকল।

যান-জঁটৰ বাবে কেতিয়াৱা কাৰ্যালয়লৈ যোৱা কৰ্মচাৰীসকলে সময়মতে কাৰ্যালয় পোৱাটো কঠিন হৈ পৰিছে।

এনেধৰণৰ গধূৰ যান-বাহনসমূহ সৰু বাহনৰ বাবেও ভাবুকিৰ সৃষ্টি কৰিছে যিয়ে ভয়ংকৰ দুৰ্ঘটনাৰ সম্ভাৱনা বৃদ্ধি কৰিছে।

অঞ্চলটোৰ ৰাইজে ইতিমধ্যে পাঠশালা আৰক্ষী প্ৰশাসন আৰু বজালী মহকুমা প্ৰশাসনক এই বিষয়ত অভিযোগ দাখিল কৰিছে যদিও এতিয়ালৈকে পৰিস্থিতিৰ কোনো উন্নতি হোৱা পৰিলক্ষিত হোৱা নাই।

এই কথা উল্লেখ কৰিব পাৰি যে পাঠশালা বৰপেটা জিলাৰ বজালী মহকুমাৰ সদৰ স্থান। পাঠশালাৰ স্থানীয় জনসাধাৰণে বিষয়টো পৰ্যবেক্ষণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আবেদন জনোৱাৰ লগতে ৰাতিপুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈকে নিয়ম ভংগ কৰি চহৰখনত প্ৰৱেশ কৰা গধূৰ বাহনসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।