NORTHEAST NOW (Assamese)

সাময়িকভাৱে স্থগিত আমচাঙৰ বাসগৃহ উচ্ছেদ অভিযান

November 29, 2017 2:16 pm · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :

বিগত দুটা দিনত ৭২০ টা বাসগৃহ আৰু নামঘৰ, মচজিদ, বিদ্যালয় আদি উচ্ছেদ কৰাৰ পিছত সমগ্ৰ অসমত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া তথা সমালোচনা হোৱা দেখি আজি প্ৰশাসনে আমচাং বনাঞ্চলৰ আৱাসিক এলেকাত উচ্ছেদ অভিযানৰ পৰা বিৰত আছে। তাৰ পৰিৱৰ্তে ঔদ্যোগিক এলেকাত উচ্ছেদ অভিযান চলোৱা বুলি জানিব পৰা গৈছে। যোৰাবাটৰ কোক ফেক্টৰিকে ধৰি অঞ্চলটোত থকা বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানত আজি প্ৰশাসনৰ হাতুৰীৰ কোব পৰিছে। যোৰাবাটৰ এঘাৰমাইললৈ এই উচ্ছেদ অভিযান সম্প্ৰসাৰিত হোৱা বুলি জনা গৈছে। অঞ্চলটোৰ আমচাং বনাঞ্চলৰ ভিতৰত পৰা চিমেণ্ট কাৰখানা আৰু কয়লা উদ্যোগ তথা আন আন ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি পেলোৱা বুলি আমাক বিশেষ সূত্ৰই জনাইছে। আনহাতে চৰকাৰে আমচাং এলেকাৰ বাসগৃহ উচ্ছেদ কৰাৰ বাবে অধিক সময় বিচাৰিলে উচ্চ ন্যায়ালয়ত। আন এটা গুৰুত্বপূৰ্ণ খবৰ মতে কংগ্ৰেছে ৰাজনৈতিক লাভালাভৰ উদ্দেশ্য লৈ আমচাঙৰ ভুক্তভোগীৰ ওচৰ চাপিব বিচাৰি উচ্ছেদিত অঞ্চলৰ লোকৰ সৈতে মত বিনিময় কৰিব খুজিছিল যদিও স্থানীয় লোকসকলে তেওঁলোকক  প্ৰশ্ৰয় নিদিলে। জানিব পৰা মতে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, ৰাজ্যিক সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মন্ত্ৰী অকণ বৰাই উচ্ছেদিত লোকসকলক সাক্ষাৎ কৰিবৰ বাবে গৈছিল।

Related News