NORTHEAST NOW (Assamese)

সাময়িক নিলম্বনক প্ৰত্যাহ্বান জনাব স্বৰ্ণ বিজয়ী ভাৰোত্তোলক সঞ্জীতাই

June 2, 2018 2:33 pm · এন ই নাও নিউজ
ভাৰোত্তোলক সঞ্জীতা চানুৰ ফাইল ফটো

ড’পিং টেষ্টত দোষী সাব্যস্ত হৈ সাময়িক নিলম্বনৰ সন্মুখীন হোৱা কমনৱেলথ গেইমছত স্বৰ্ণ পদক বিজয়ী মণিপুৰৰ ভাৰোত্তোলক সঞ্জীতা চানুয়ে তেওঁৰ ওপৰত উঠা অভিযোগৰ প্ৰত্যাহ্বান জনাব বুলি প্ৰকাশ কৰিছে।

নিজকে নিৰ্দোষী বুলি দাবী কৰি সঞ্জীতা কয়, ‘মই নিৰ্দোষী। মই কোনো নিষিদ্ধ দ্ৰব্য গ্ৰহণ কৰা নাই। নেশ্যনেল ফেডাৰেশ্যনৰ সহযোগত মোৰ বিৰুদ্ধে আৰোপিত নিলম্বনক মই প্ৰত্যাহ্বান জনাম।‘

এই ক্ষেত্ৰত ভাৰতীয় ভাৰোত্তোলন ফেডাৰেশ্যনেও খেলুৱৈগৰাকীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। ফেডাৰশ্যনৰ সাধাৰণ সম্পাদক সহদেৱ যাদৱে সংবাদ মাধ্যমক কয়, ‘ড’পৰ পৰীক্ষাৰ ফলাফল উলাওঁতে ইমান দীঘলীয়া সময় কিয় লাগে মই বুজি নাপাওঁ। আমি ‘বি’ নমুনা পৰীক্ষাৰ বাবে পত্ৰ প্ৰেৰণ কৰিছোঁ। মই নিশ্চিত সঞ্জিতাই নিষিদ্ধ ড্ৰাগছ লোৱা নাই।‘

উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ গ’ল্ড ক’ষ্টত অনুষ্ঠিত কমনৱেলথ গেইমছত ৫৩ কেজি শাখাত অভিলেখ স্থাপন কৰি স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হোৱা সঞ্জিতাৰ দেহৰ নমুনা সংগ্ৰহ কৰোঁতে ‘টেষ্টোষ্টেৰন’ নামৰ নিষিদ্ধ দ্ৰব্যৰ উপস্থিতি ধৰা পৰাত আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলক সংস্থাই তেওঁৰ ওপৰত সাময়িক নিলম্বন আৰোপ কৰিছিল।

Related News