ভাৰতীয় দলিত সাহিত্য অকাডেমিয়ে আগবঢ়োৱা ‘ বাবা চাহেব ড০ আম্বেদকাৰ ৰাষ্ট্ৰীয় সেৱাশ্ৰী বঁটা ২০১৭’ ৰ বাবে নিৰ্বাচিত হৈছে দৰং জিলাৰ আঠিয়াবাৰীৰ নিবাসী সুশীল সূত্ৰধৰ। সম্প্ৰতি সুশীল সূত্ৰধৰ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক। অহা ৯ আৰু ১০ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হ’ব লগীয়া ৩৩ সংখ্যক অধিৱেশনত তেওঁক এই বঁটা প্ৰদান কৰা হ’ব। লক্ষণীয় যে পৰিতোল সূত্ৰধৰ আৰু পুষ্পা সূত্ৰধৰৰ সু-পুত্ৰ সুশীলে সুদীৰ্ঘ ৮ বছৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এজন সক্ৰিয় কৰ্মী হিচাপে থাকি নিজ জাতিটোৰ উন্নতিৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সেৱা আগবঢ়াই আছে। উল্লেখিত কাৰণতে তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। এই সু-খবৰ অহাৰ লগে লগে অঞ্চলবাসীৰ মাজত আনন্দৰ লহৰ উঠিছে। লগতে সুশীলক বিভিন্ন দল-সংগঠনে শুভেচ্ছা বাৰ্তা জ্ঞাপন কৰিছে।