সোণাপুৰত গুদামৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ

C29MWJ5WQAA85uV

প্ৰতিনিধিত্বমূলক ফটো

সোণাপুৰত আৰক্ষী আৰু আবকাৰী বিভাগৰ যুটীয়া অভিযানত সোণাপুৰৰ বালিগেটৰ এটা গুদামৰপৰা বুধবাৰে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰা হয়।

জানিব পৰা মতে, বুধবাৰে দিনৰ ১২-৩০ বজাত ক্ষেত্ৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা সোণাপুৰৰ চক্ৰ পৰিদৰ্শক প্ৰদীপ কুমাৰ নাথৰ নেতৃত্বত সোণাপুৰ আৰক্ষী আৰু আবকাৰী বিভাগৰ এটা দলে যুটীয়া অভিযান চলাই সোণাপুৰ বালিগেটৰ প্ৰণৱ দাস ওৰফে দন্দু নামৰ ব্যৱসায়ীজনৰ এটা গুদাম ঘৰৰপৰা অবৈধভাৱে মজুত ৰখা লক্ষাধিক টকা মূল্যৰ বিভিন্ন কোম্পানীৰ বিলাতী সুৰা জব্দ কৰে।

সোণাপুৰত বুধবাৰে আৰক্ষী আৰু আবকাৰী বিভাগৰ যুটীয়া অভিযানত জব্দ কৰা অবৈধ সুৰা।

অভিযানৰ মাজতে অভিযুক্ত ব্যৱসায়ীজন পলাই যাবলৈ সক্ষম হয়।

অভিযানকাৰী দলটোৱে জব্দ কৰা অবৈধ সুৰাখিনি আবকাৰী বিভাগে চমজি লৈ অবৈধ সুৰা ব্যৱসায়ীজনৰ বিৰুদ্ধে এক নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। আনহাতে,পলাতক হৈ থকা ব্যৱসায়ীজনক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

স্থানীয় লোকে জানিব দিয়া মতে, প্ৰণৱ দাস ওৰফে দন্দু নামৰ ব্যৱসায়ীজনে সুদীৰ্ঘ দিন ধৰি সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এখন পাণ-তামোলৰ দোকান পাতি উক্ত দোকানখনতে অবৈধভাৱে বিলাতী সুৰাৰ ব্যৱসায় চলাই আহিছিল।

গুৱাহাটীৰ আশে পাশে থকা অঞ্চলসমূহত এইদৰে অবৈধ সুৰাৰ ব্যৱসায় চলোৱাৰ অভিযোগ প্ৰায়েই উত্থাপিত হৈ আহিছে। সোণাপুৰ অঞ্চলত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা অবৈধ বিলাতী সুৰাৰ আমদানি হোৱা আৰু ৰমৰমীয়া ব্যৱসায় চলি থকাৰ বাতৰি প্ৰায়েই প্ৰকাশ পাই আহিছে।