সোণোৱাল চৰকাৰৰ দিনত ৰাজ্যত মাত্ৰ ২,৬৫৯জন নিবনুৱাৰ নিযুক্তি লাভ

Central Govt. job|| Apply before 4 September

প্ৰতীকী ছবি।

সততে বিকাশৰ শ্নোগান আওৰাই থকা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত বিভিন্ন নিয়োগ বিনিময় কেন্দ্ৰৰ যোগেদি মাত্ৰ ২,৬৫৯ জন নিবনুৱাই হে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে।

বুধবাৰে বিধানসভাত বিধায়ক নুৰুল হুদাৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰী কৰি বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে ২০১৭ চনৰ ৩০নৱেম্বৰলৈ অসমৰ বিভিন্ন নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হৈছে ১৯,৭৫,৫২০জন।

অৱশ্যে ২০১৮ চনৰ ১ জানুৱাৰিলৈকে পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা সঞ্চালকালয়ত যুগুতাই থকা হৈছে বুলি তেওঁ জনায়।

অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ আগৰলৈকে ৰাজ্যখনত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ১৯,০৬,৯৮০জন। অৰ্থাৎ এই চৰকাৰৰ দিনত নতুনকৈ ৬৮,৫৪০জন নিবনুৱাই পঞ্জীয়ন কৰিছে।

উল্লেখযোগ্য যে ৰাজ্যত নিবনুৱাৰ সমস্যা দিনকদিনে বৃদ্ধি পায় অহাৰ বিপৰীতে তাৰ অনুপাতে নিয়োগ বিনিময় কেন্দ্ৰসমূহৰ যোগেদি নিবনুৱাই নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱা নাই।

এনে অৱস্থাত বিশ্ব বিনিয়োগকাৰী সন্মিলন পাতি বিনিয়োগকাৰীক উদ্দ্যোগ স্থাপনৰ বাবে আকৰ্ষিত কৰাৰ নামত অজস্ৰ টকা খৰচ কৰা চৰকাৰখনে আগন্তক দিনত কিমান নিয়োগ সৃষ্টি কৰিব পাৰে সেয়া লক্ষণীয় হ’ব।