সোণোৱাল চৰকাৰৰ প্ৰতাৰণাৰ কাহিনী সদৌ ভাৰত হিন্দু সন্মিলনত উত্থাপন কৰিব হিন্দু যুৱ ছাত্ৰ পৰিষদে

hindu yuva chatra parishad assam

সৰ্বানন্দ সোণোৱাল ( Sonowal ) নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰে অসম আৰু অসমীয়াক প্ৰতাৰণা কৰিছে আৰু এই বিষয় সদৌ ভাৰত হিন্দু সন্মিলনৰ ৰাষ্ট্ৰীয় মঞ্চত উত্থাপন কৰিব হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমে।

পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক প্ৰদীপ কলিতাই আজি ৩ জুনত নৰ্থ ইষ্ট নাও-ক জনাই যে আজি ২ জুনৰপৰা ৮ জুনলৈ গোৱাৰ পোণ্ডাত অনুষ্ঠিত হোৱা সন্মিলনৰ মঞ্চত এই বিষয় উত্থাপন কৰা হ’ব।

‘সোণোৱাল চৰকাৰৰ দুবছৰীয়া কাৰ্যকালত ৰাজ্যখনৰ হিন্দু সমাজৰ ওপৰত পূৰ্ববংগীয় মিঞা মুছলমানৰ অত্যাচাৰ বৃদ্ধিহে পাইছে’ বুলি দাবী কৰি সংগঠনটোৱে সন্মিলনত ‘হিন্দু সমাজৰ ব্যাপক সশস্ত্ৰকৰণ আৰু মুছলমান আগ্ৰাসনৰ বিৰুদ্ধে প্ৰত্যক্ষ কাৰ্যব্যৱস্থাৰ আহ্বানেৰে প্ৰস্তাৱ উত্থাপন কৰিব।’

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা বিবৃতিত সংগঠনটোৱে কয় যে ‘বাংলাদেশী বিতাড়ন’ আৰু ‘অৱস্থাৰ সামগ্ৰিক পৰিৱৰ্তন’ৰ প্ৰতিশ্ৰুতিৰে বিজেপি অসমত শাসনলৈ আহিছিল। কিন্তু সংগঠনটোৱে অভিযোগ বাংলাদেশী মুছলমানৰ অত্যাচাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত সোণোৱাল চৰকাৰ ব্যৰ্থ হৈছে।

আনহাতে ‘নৰেন্দ্ৰ মোদী চৰকাৰে অসমৰ ছশ একৰ ভূমিকে ধৰি দেশৰ দহ হাজাৰ ছশ একৰ ভূমি বাংলাদেশক অৰ্পণ কৰি চৰম দেশদ্ৰোহিতাৰ পৰিচয় দিয়াৰ লগতে অসমবাসীক আন এক প্ৰতাৰণা কৰা’ বুলিও সংগঠনটোৱে অভিযোগ কৰে।

সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে পৰিষদৰ সভাপতি বলেন বৈশ্য আৰু প্ৰচাৰ সম্পাদক প্ৰদীপ কলিতাই ৩ জুনত গোৱা অভিমুখে ৰাওনা হ’ব।

সদৌ ভাৰত হিন্দু সন্মিলনত ভাৰতৰ উপৰি বাংলাদেশ, নেপাল, শ্ৰীলংকাৰ ছয় শতাধিক প্ৰতিনিধিয়ে অংশ ল’ব।