‘স্কীল ইণ্ডিয়া’ৰ নামত নিবনুৱা মহিলাৰ পৰা কৌশলেৰে টকা সৰকাই প্ৰৱঞ্চকৰ পলায়ন

IMG-20180606-WA0047

প্ৰৱঞ্চক মিন্নাত উল্লাহ বৰভূঞা

প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আৰু ৰাষ্ট্ৰীয় কৌশল বিকাশ নিগমৰ জৰিয়তে নিবনুৱা শিক্ষিত মহিলাক প্ৰশিক্ষণ আৰু কৰ্মসংস্থান দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকা সৰকাই মহানগৰীৰ পৰা পলায়ন কৰে এটা বেচৰকাৰী সংস্থাৰ অধ্যক্ষ।

মহানগৰীৰ হাতীগাঁৱৰ সিজুবাৰীত থকা টেলেন্ট স্কিল ডেভেলপমেন্ট ইনষ্টিটিউত নামৰ বেচৰকাৰী সংস্থাটোৱে ‘স্কিল ইণ্ডিয়া’ৰ নাম লৈ শিক্ষিত নিবনুৱা মহিলাসকলক প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা, ৰাষ্ট্ৰীয় কৌশল বিকাশ নিগম আৰু ভাৰত চৰকাৰৰ কৌশল আৰু উদ্যমিতা বিকাশ মন্ত্ৰালয়ৰ অধীনত সাজ-সজ্জাৰ আৰু চিলাইৰ প্ৰশিক্ষণ দিছিল।

অসমৰ বিভিন্ন স্থানত প্ৰায় পাঁচশ কেন্দ্ৰ স্থাপন কৰি এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা সংস্থাটোৱে মহিলাসকলক প্ৰশিক্ষিত হোৱাৰ পাছত কৰ্মসংস্থাপন দিয়াৰো প্ৰতিশ্ৰুতি দিছিল। তেওঁলোকে লগতে প্ৰতিটো কেন্দ্ৰক ২০ টাকৈ চিলাই মেচিন দিয়াৰো কথা আছিল।

কিন্তু নিৰ্ধাৰিত সময়ত চিলাই মেচিন আৰু মহিলা সকলক কৰ্মসংস্থাপন দিয়াৰ বিপৰীতে পলায়ন কৰে টেলেন্ট স্কিল ডেভেলপমেন্ট ইনষ্টিটিউত নামৰ সংস্থাটোৰ অধ্যক্ষ মিন্নাত উল্লাহ বৰভূঞাই।

বাক্সা জিলাৰ কুমাৰীকাটাৰ অৰ্চনা হালৈ আৰু হাতীগাঁৱৰ অঞ্জুমা বেগম নামৰ ভুক্তভোগী মহিলা দুগৰাকীয়ে জনোৱা মতে মিন্নাত উল্লাহ বৰভূঞাই এই সংস্থাটোৰ জৰিয়তে প্ৰশিক্ষণ আৰু কৰ্মসংস্থাপন দিয়াৰ আশ্বাস দি প্ৰশিক্ষাৰ্থীৰ পৰা ডিপ্ল’মা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবত ১,১২০ টকা, বেচিক পাঠ্যক্ৰমৰ বাবদ ১২০ টকাকৈ সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰিও এই সংস্থাত প্ৰশিক্ষক হিচাপে ভৰ্ত্তি হোৱাৰ ক্ষেত্ৰত ২,১২০ টকাকৈ পঞ্জীয়ন মাচুল দিবলগীয়া হৈছিল।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত বৃত্তিমুখী প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়া হয়। কিন্তু সংস্থাটোৱে ইয়াৰ বাবদ মাচুল সংগ্ৰহ কৰিছিল। ভুক্তভোগী মহিলাকেইগৰাকীয়ে জনোৱা মতে সংস্থাটোৱে কৰ্মসংস্থাপন আৰু চিলাই মেচিন দিয়াৰ কথা দি হেনো এই ধন লৈছিল।

ইতিমধ্যে নিবনুৱা মহিলা সকলৰ পৰা লাখ লাখ টকা সৰকাই পলায়ন কৰা মিন্নাত উল্লাহ বৰভূঞাৰ বিৰুদ্ধে ভুক্তভোগী কেবাগৰাকীও মহিলাই হাতীগাঁও আৰক্ষী থানাত যোৱা ৭ মে’ত এখন এজাহাৰ দাখিল কৰে। মহিলাসকলৰ এজাহাৰৰ ভিত্তিত ১৯৩/২০১৮ নম্বৰত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে মিন্নাত উল্লাহৰ সন্ধান উলিওৱাৰ চেষ্টা কৰি আছে যদিও বৰ্তমানেও তেওঁৰ কোনো শুংসুত্ৰ উলিয়াব পৰা নাই।

আনহাতে, অভিযুক্ত মিন্নাত উল্লাহ বৰভূঞাক কৰায়ত্ত কৰাত হাতীগাওঁ আৰক্ষীয়ে হেমাহি কৰাৰ অভিযোগ কৰে ভুক্তভোগী মহিলাসকলে।

ইপিনে, মিন্নাত উল্লাহ বৰভূঞাই অগ্ৰিম জামিন বিচাৰি আদালতত আবেদন কৰাৰ লগতে বুধবাৰে মিন্নাত উল্লাহ আদালতত হাজিৰ হোৱা কথা বুলি আৰক্ষীয়ে মহিলাসকলক জানিবলৈ দিয়ে। সেই মৰ্মে মহিলাসকলৰ একাংশ আজি আদালতত হাজিৰ হয় যদিও উপস্থিত নহ’ল মিন্নাত উল্লাহ বৰভূঞা।