NORTHEAST NOW (Assamese)

স্বেচ্ছাই চাকৰি এৰিলে এ চি এছ বিষয়া ৰামানুজ হাজৰিকাই : ধেমাজিৰ নিৰ্বাচন বিষয়া হৈ আছিল হাজৰিকা

November 24, 2017 9:02 am · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
Updated: November 24, 2017 9:06 am
চাকৰি ইস্তফা দিয়া এ চি এছ বিষয়া ৰামানুজ হাজৰিকা

২০১৫ চনৰ বেচ্ছৰ এজন এ চি এছ বিষয়াই স্বেচ্ছাই তেওঁৰ চাকৰি ত্যাগ কৰি চৰকাৰৰ সংশ্লিষ্ট বিভাগলৈ পদত্যাগ প ত্ৰ প্ৰেৰণ কৰাৰ এক বাতৰি পোৱা গৈছে। এ চি এছ বিষয়াজনৰ নাম হ’ল ৰামানুজ হাজৰিকা আৰু তেওঁ ধেমাজিত নিৰ্বাচন বিষয়া হিচাপে কৰ্মৰত আছিল। এ পি এছ চিৰ কেলেংকাৰিৰ তদন্তই নিত্য নতুন মাত্ৰা লোৱাৰ সময়তে ৰামানুজ হাজৰিকাৰ এই পদত্যাগে বিশেষ তাৎপৰ্য্য বহন কৰিছে। কাৰণ কেলেংকাৰিটোত ২০১৫ চনৰ পৰীক্ষাৰ দ্বাৰা নিৰ্বাচিত এ চি এছ আৰু এ পি এছ বিষয়াসকলকো সামৰি লোৱা হৈছে আৰু সন্দেহজনক বুলি বিবেচিত উত্তৰ-বহীৰ ফৰেনচিক পৰীক্ষা কৰা হৈছে। এতিয়াও দেশৰ কেইবাটাও ফৰেনচিক পৰীক্ষাগাৰত ২৩০০ খন উত্তৰ-বহী পৰীক্ষাধীন হৈ আছে। এই কাৰণতে বিষয়াজনৰ পদত্যাগক বহুতে সন্দেহৰ চকুৰে চাইছে আৰু কিছুমান সংবাদ মাধ্যমত আজি তেওঁৰ পদত্যাগৰ আঁৰত গ্ৰেপ্তাৰৰ ভয় প্ৰকাশ পোৱা বুলি বাতৰি ওলাইছে। আনহাতে নিজাকৈ প্ৰচাৰ কৰা এটা ভিডিঅ’ত ৰামানুজ হাজৰিকাই সংবাদ মাধ্যমে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বুলি অভিযোগ কৰে। তেওঁ য়ু পি এছ চিৰ পৰীক্ষাত সফলতা লাভৰ বাবে আত্মবিশ্বাসী আৰু তাৰ বাবে অধিক সময় দিবলৈহে এই পদত্যাগ বুলি দাবী কৰে।

Related News