NORTHEAST NOW (Assamese)

স্বৰ্ণৰাণী হিমাৰ ঘৰত উপস্থিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনজিৎ ভূঞা

July 15, 2018 4:20 pm · মিণ্টু দাস

ফিনলেণ্ডৰ টেম্পেৰিত অনুষ্ঠিত হোৱা এথলেটিকছৰ বিশ্ব জুনিয়ৰ প্ৰতিযোগিতাত মহিলাৰ ৪০০ মিটাৰ দৌৰত ৫১.৪৬ ছেকেণ্ডেৰে স্বৰ্ণ জিনি ইতিহাস গঢ়া হিমাৰ ঘৰত এতিয়া অব্যাহত আছে জনস্ৰোত। বিভিন্ন ব্যক্তি, দল-সংগঠনৰ নেতা কৰ্মীৰ লগতে ভিৰ কৰিছে বিভিন্ন ৰাজনৈতিক নেতাই।

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক আজুৰি আনি অসম-ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা নগাঁও জিলাৰ ধিঙৰ কান্ধুলীমাৰীৰ হিমা দাসৰ বাসগৃহত আজি পুৱাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনজিৎ ভূঞা, পত্নী বৰ্ণালী ভূঞা আৰু নগাঁও জিলা আদালতৰ সত্ৰ ন্যায়াধীশগৰাকী উপস্থিত হয়।

হিমাৰ ঘৰত উপস্থিত হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে হিমাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱাত পিতৃ-মাতৃক অভিনন্দন জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে।

সাধাৰণতে কোনো ন্যায়াধীশে আগতে অসমত এইদৰে খেলুৱৈৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন জনোৱাৰ নজিৰ নাই যদিও হিমাৰ সাফল্যত গৰ্বিত হৈ তেওঁলোকে আজি হিমাৰ ঘৰত উপস্থিত হোৱাত স্প্ৰীণ্টাৰ হিমাৰ মাক-দেউতাক এক মূহুৰ্তৰ বাবে আবেগিক হৈ পৰা দেখা যায়।

উল্লেখ যে অসম কন্যা হিমা দাসে জুনিয়ৰ বিশ্ব এথলেটিকছত স্বৰ্ণ জয় কৰি নতুন ইতিহাস ৰচনা কৰিছিল। যিটো ইতিহাস হিমাৰ পূৰ্বে কোনেও গঢ়া নাছিল। মধ্য অসমৰ নগাঁৱৰ ধিঙৰ কন্যা হিমাৰ পূৰ্বে দেশৰ কোনে এথলীট তথা কোনো ভাৰতীয় খেলুৱৈ ট্ৰেক অন ফিল্ডত সোণৰ পদক আহৰণ কৰিবলৈ সক্ষম হোৱা নাছিল।

Related News