স্মাৰ্ট চিটি হোৱাৰ দিশত পাচিঘাট: মুখ্য মন্ত্ৰীৰ আধাৰশিলা স্থাপন

স্মাৰ্ট চিটিৰ আধাৰশিলা স্থাপন

অৰুণাচল প্ৰদেশৰ আটাইতকৈ পুৰণি চহৰ পাচিঘাট শীঘ্ৰে স্মাৰ্ট চিটিলৈ পৰিৱৰ্তন হোৱাৰ দিশত অগ্ৰসৰ। দেওবাৰে অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৰ উপস্থিতিত আই জি জে উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত স্মাৰ্ট চিটিৰ আধাৰশিলা স্থাপন কৰে।

উল্লেখযোগ্য যে হিমালয়ৰ পাদদেশত অৱস্থিত পূব চিয়াং জিলাৰ মুখ্য কেন্দ্ৰপাচিঘাটক কেন্দ্ৰীয় চৰকাৰে ২০১৭ চনৰ জুনত প্ৰস্তুত কৰা স্মাৰ্ট চিটি অভিযান উন্নয়ন আঁচনিত অন্তৰ্ভুক্ত কৰিছিল।

আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী খাণ্ডুৱে কয় যে পাচিঘাটক স্মাৰ্ট চিটিলৈ উন্নয়নৰ বাবে ১৫৩৪ কোটি টকা বিনিয়োগ কৰা হ’ব। এই ক্ষেত্ৰত আন্তগাঁথনি উন্নয়নকে ধৰি পানী যোগান, পৰ্যাপ্ত বিদ্যুৎ যোগান, দ্ৰুত যোগাযোগ ব্যৱস্থা, জাৱৰ নিষ্কাশন ব্যৱস্থা, তথ্য প্ৰযুক্তিৰ উন্নয়ন আদিক গুৰুত্ব দিয়া হ’ব বুলি খাণ্ডূৱে জানিবলৈ দিয়ে।

অনুষ্ঠানটোত মুখ্য মন্ত্ৰীৰ উপৰি অৰুণাচল প্ৰদেশৰ উপ-মুখ্য মন্ত্ৰী চাওনা মেইন, নগৰ গৃহ আৰু পৌৰনিগম মন্ত্ৰী নাবাম ৰেবিয়া, গ্ৰাম্য উন্নয়ন মন্ত্ৰী আল’ লিবাঙ, শক্তি মন্ত্ৰী তামিয় তাগা, স্থানীয় বিধায়ক তথা সংসদীয় সচিব কালিংময়ং আদিকে ধৰি বহু বিশষ্ট ব্যক্তি উপস্থিত থাকে।