NORTHEAST NOW (Assamese)

সৰভোগৰ বোৱাৰী ইনাক্ষীৰ শিৰত ‘South Asia Mrs. Classical’ ৰ মুকুট

June 2, 2018 10:12 am · ইয়াছিন আলী

সৰভোগৰ লগতে বৰপেটা জিলালৈ এক সুখবৰ কঢ়িয়াই আনিছে সৰভোগৰ বোৱাৰী ইনাক্ষী দাসে। দিল্লীৰ গুৰগাঁওৰ কিংডম অফ ড্ৰীম প্লেছত ২৭ মে’ৰ পৰা ২৯ মে’লৈ অনুষ্ঠিত হোৱা ‘I am me royal India universe- 2018’ শীৰ্ষক প্ৰতিযোগিতাত অংশ গ্ৰহন কৰি ইনাক্ষী দাসে ‘South Asia Mrs. Classical’ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

বৰপেটাৰ পৰা গৈ দিল্লীত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰি ‘South Asia Mrs. Classical’ খিতাপ অৰ্জন কৰা কথাটোৱে সৰভোগবাসীক উৎফুল্লিত কৰাৰ লগতে গৌৰৱাম্বিত কৰি তুলিছে।

উল্লেখযোগ্য যে উক্ত খিতাপৰ বাবে দক্ষিণ এছিয়া বিভিন্ন দেশৰ পৰা অসংখ্য প্ৰতিযোগিয়ে অংশ গ্ৰহন কৰিছিল যদিও অৱশেষত সকলোক চেৰ পেলাই ইনাক্ষীয়ে নিজৰ শিৰত বিজয় মুকুট পিন্ধিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে প্ৰতিযোগিতাখনত প্ৰতিযোগীসকলক নিজ নিজ দেশৰ কলা-সাংস্কৃতি প্ৰদৰ্শন কৰিবলৈ দিয়া হৈছিল। অসম কন্যা তথা সৰভোগৰ বোৱাৰী ইনাক্ষীয়ে মঞ্চত বিহু নাচ প্ৰদৰ্শন কৰি বিচাৰকৰ লগতে উপস্থিত সকলোকে আপ্লুত কৰি তুলিছিল।

প্ৰতিযোগিতাত উৎকৃষ্ট পাৰদৰ্শিতা আগবঢ়াই ঘৰত উপস্থিত হোৱাৰ পিছত তেওঁ সাংবাদিকৰ আগত কয় যে মনত ইচ্ছা থাকিলে আশা পুৰণ কৰা সম্ভৱ।

Related News