অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা তথা বিধায়িকা আঙুৰলতা ডেকাৰ স্বামী আকাশদ্বীপ ডেকা বৰ্তমান গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছে।
উচ্চ ৰক্তচাপজনিত কাৰণত মঙলবাৰে ষ্ট্ৰ’ক হোৱাৰ পাছত তেওঁক দিছপুৰস্থিত জি এন আৰ চি সাস্পাতলত ভৰ্তি কৰা হৈছে। সম্প্ৰতি তেওঁ চিকিৎসালয়খনৰ আই চি ইউত ভৰ্তি হৈ আছে। চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে তেওঁ এতিয়াও সংকটমুক্ত হোৱা নাই আৰু চিকিৎসকসকলে আৰোগ্য কৰি তুলিবলৈ সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
বহুকেইখন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ লগতে বহুসংখ্যক ভিচিডিত অভিনয় কৰা অভিনেতা আকাশদীপ ডেকাই ২০১২ চনত মুক্তি লাভ কৰা ‘বাঁকৰ পুতেক’ আৰু ২০১৬ চনত মুক্তি লাভ কৰা ‘গানে কি আনে’ নামৰ ছবি দুখনৰ বাবে অধিক পৰিচিত হৈ পৰে।
লক্ষণীয়ভাৱে বাঁকৰ পুতেক নামৰ ছবিখনত তেওঁৰ পত্নীৰ ভূমিকাত অভিনয় কৰিছিল আঙুৰলতা ডেকাই। পৰৱৰ্তী সময়ত ২০১৫ চনত দুয়ো বিবাহপাশত আবদ্ধ হয়। ইফালে, বিজেপিত যোগ দি বটদ্ৰৱা সমষ্টিৰ পৰা বিধায়িকা হিচাপে নিৰ্বাচিত হয় অভিনেত্ৰী আঙুৰলতা ডেকাই।
অভিনেতা আকাশদ্বীপ হঠাৎ অসুস্থ হৈ পৰি চিকিৎসালয়ত ভৰ্তি হোৱাত উদ্বিগ্ন হৈ পৰিছে তেওঁৰ গুণমুগ্ধসকল। সৰু পৰ্দাত বিহুসুৰীয়া গীতৰ ভিচিডিসমূহৰ জৰিয়তে অসমৰ যুৱ প্ৰজন্মৰ অতি পৰিচিত হৈ পৰা আকাশদ্বীপৰ তেওঁলোকে আশু আৰোগ্য কামনা কৰিছে।