হাইলাকান্দিৰ যৌন নিৰ্যাতনৰ বলি মহিলাগৰাকীৰ স্বামীক গ্ৰেপ্তাৰ : বিধায়কৰ বিৰুদ্ধেও গোচৰ ভুক্তভোগীৰ

rape-victim-and-accused-620x400

হাইলাকান্দিৰ যৌন নিৰ্যাতনৰ বলি মহিলাগৰাকীৰ স্বামীক শনিবাৰে গ্ৰেপ্তাৰ কৰা হৈছে। মুম্বাইলৈ পলায়নৰ বাবে বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে  আজাৰা আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামী শ্বাহিদ আহমেদ লস্কৰক গ্ৰেপ্তাৰ কৰে।

স্বামী শ্বাহিদ আহমেদ লস্কৰৰ সহযোগত আলগাপুৰ সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল মহিলাগৰাকীয়ে। বিধায়কজনৰ বিৰুদ্ধে ভুক্তভোগী মহিলাগৰাকীয়ে ইতিমধ্যে এটা গোচৰো ৰুজু কৰিছে।

বৰাক উপত্যকাৰ আলগাপুৰ সমষ্টিৰ ইউডিএফৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ বিৰুদ্ধে মহিলাগৰাকীয়ে  ধৰ্ষণৰ অভিযোগ উত্থাপন কৰাৰ পিছতে বিষয়টোকলৈ চাঞ্চল্যৰ সৃষ্টি হয়। তদুপৰি হাইলাকান্দিৰ এই মহিলাগৰাকীয়ে নিজৰ স্বামীৰ সহযোগতে বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে তেওঁক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছত বিষয়টোৱে ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

শনিবাৰে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া এটি সাক্ষাৎকাৰত মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ সহযোগত বিধায়কগৰাকীয়ে ধৰ্ষণ কৰা বুলি ব্যক্ত কৰে। তদুপৰি যৌন নিৰ্যাতনৰ বলি মহিলাগৰাকীয়ে ন্যায় নাপালে আত্মহত্যা কৰাৰো ভাবুকি প্ৰদান কৰে।

আনহাতে, ৫ লাখ টকা দি বিধায়কগৰাকীয়ে গোচৰ উঠাই লোৱাৰ বাবে হেঁচা দিয়াৰ কথাও মহিলাগৰাকীয়ে সদৰী কৰিছে।

ইপিনে বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে এই ধৰ্ষণৰ ঘটনা মিছা  আৰু তেওঁ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা দাবী কৰিছে।