হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অভিনন্দন মুখ্য মন্ত্ৰী সৰ্বানন্দৰ

মুখ্য মন্ত্ৰী

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ফলাফল ঘোষিত ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত স্থান লাভ কৰা সকলৰ লগতে সমূহ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।

মুখ্য মন্ত্ৰী গৰাকীয়ে পৰীক্ষাত উত্তীৰ্ণ সকলো ছাত্ৰ-ছাত্ৰীৰে উজ্জ্বল ভৱিষ্যৎ কামনা কৰাৰ লগতে অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰী সকললৈও অভিনন্দন জ্ঞাপন কৰিছে।

এক প্ৰেছ বিবৃতি যোগে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ নিষ্ঠা, একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বাবে পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে ভৱিষ্যতে অধিক নিষ্ঠা, আত্মবিশ্বাস, একাগ্ৰতা আৰু প্ৰতিযোগিতামূলক মনোভাৱেৰে অধ্যয়নত ব্ৰতী হৈ নিজৰ সু-ভৱিষ্যৎ গঢ় দিয়াৰ লগতে ৰাজ্যখনৰ সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াবলৈ মুখ্য মন্ত্ৰী সোণোৱালে ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতি আহ্বান জনায়।

লগতে মুখ্য মন্ত্ৰী সোণোৱালে ছাত্ৰ-ছাত্ৰী সকলক বৃত্তিগত জীৱনত সফলতাৰ সমান্তৰালভাৱে এটা মূল্যবোধ  সম্পন্ন জীৱন গঢ়াৰ বাবেও দৃঢ়তাৰে আগবাঢ়িবৰ বাবে আহ্বান জনায়।

আনহাতে মুখ্য মন্ত্ৰী সোণোৱালে এই পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলকো হতাশ নহৈ দৃঢ় লক্ষ্য লৈ অধিক নিষ্ঠা আৰু একাগ্ৰতাৰে অধ্যয়নত ব্ৰতী হ’বলৈ আহ্বান জনায় যাতে তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত জীৱনৰ এই গুৰুত্বপূৰ্ণ পৰীক্ষাত সফল হ’ব পাৰে।