NORTHEAST NOW (Assamese)

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা ত্ৰুটিহীনভাৱে অনুষ্ঠিত কৰাৰ দাবীত আছুৰ স্মাৰকপত্ৰ

February 6, 2018 8:20 pm · এন ই নাও নিউজ
Updated: February 6, 2018 10:55 pm

আগন্তুক হাইস্কুল আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা ক্ৰটিহীনভাৱে অনুষ্ঠিত কৰিবলৈ দাবী জনাই আজি সদৌ অসম ছাত্ৰ সন্থাই ছেবা তথা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ একোখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰে।

আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাৰ নেতৃত্বত যোৱা সংগঠনটোৰ এটি কেন্দ্ৰীয় প্ৰতিনিধি দলে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ হাতত উক্ত স্মাৰকপত্ৰখন প্ৰদান কৰে।

ছাত্ৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ পৰীক্ষাৰূপে বিবেচিত উক্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে যাতে কোনোধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লগা নহয় তাৰ সু-ব্যৱস্থা তথা কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ  লগতে পৰীক্ষাৰ পৱিত্ৰতা আৰু গোপনীয়তা বজাই ৰাখিবলৈ দাবি জনায়।

ইয়াৰ উপৰি কোনো পৰীক্ষাৰ্থীয়ে যাতে অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ তেওঁলোকে ছেবাক আহ্বান জনায়।

প্ৰতিনিধি দলটিয়ে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব কমলজ্যোতি গগৈকো সাক্ষাৎ কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ক্ৰটিহীনভাৱে অনুষ্ঠিত কৰিবলৈ দাবী জনাই স্মাৰকপত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে অহা ১৬ ফেব্ৰুৱাৰিৰ পৰা অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩,৪৭,১৫৮ আৰু হাই মাদ্ৰাছাত ৯,৪৪২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ২৩ ফেব্ৰুৱাৰিৰ পৰা হ’বলগীয়া উচ্চতৰ মাধ্যমিক ২,৫৫,৬৯৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব।

আছুৰ প্ৰতিনিধি দলটিত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠিনক সম্পাদক ৰাজু ফুকন আৰু সাংগঠনিক সম্পাদক প্ৰজ্ঞান ভূঞা উপস্থিত আছিল।

Related News