হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ শীৰ্ষ দহটা স্থানৰ শিক্ষাৰ্থীক এবছুৰ ‘কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা’

ABSU-press-meet-570x320

এবছুৰ সংবাদ মেল। ফটো : নৰ্থ ইষ্ট নাও

বড়ো মাধ্যমৰ পৰা উত্তীৰ্ণ হোৱা শীৰ্ষ দহ স্থান প্ৰাপ্ত ১২গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক ‘কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা’ প্ৰদান কৰা হ’ব বুলি এবছুই ঘোষণা কৰিছে। শনিবাৰে বিয়লি কোকৰাঝাৰ চহৰৰ এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউছত আয়োজিত এক সংবাদমেলত এবছুৰ কেন্দ্ৰীয় শিক্ষা সচিব কাষ্টম বসুমতাৰীয়ে  এই কথা ঘোষণা কৰিছে।

অহা ৪ জুনত কোকৰাঝাৰস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত এক আদৰণি সমাৰোহৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ পৰা উত্তীৰ্ণ হোৱা শীৰ্ষ দহটা স্থানৰ ১২গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বটাঁ প্ৰদান কৰা হ’ব।

শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিটিএডিৰ সদৰ জিলা কোকৰাঝাৰ জিলাৰ এগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম দহগৰাকীৰ ভিতৰত স্থান লাভ নকৰিলে। জিলা খনৰ সামগ্ৰিকভাবে ফলাফল আশাজনক নাছিল।

কোকৰাঝাৰ জিলাৰ পৰা ৯৭৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ১১৩৫গৰাকীয়ে প্ৰথম বিভাগ, ২৫৪৫গৰাকীয়ে দ্বিতীয় আৰু ১৬৪০ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ। মুঠ ৫৩২০ গৰাকী উত্তীৰ্ণ হয়। জিলা খনত ৫৪.২১ শতাংশ উত্তীৰ্ণ হয়৷

বাক্সা জিলাৰ ইউ এন একাডেমীৰ ৰাইদাও বসুমতাৰী, বাক্সা জিলাৰ মেদাঘাটৰ বাথৌ আশ্ৰম হাইস্কুল সৌৰাংছাৰ বসুমতাৰী, কোকৰাঝাৰ জিলাৰ ইউ এন একাডেমীৰ প্ৰয়াম কুমাৰ ব্ৰহ্ম, হাস্কা জিলাৰ ইউ এন একাডেমীৰ মুলুকমা বড়ো, বাক্সা জিলাৰ মেদাঘাটৰ বাথৌ আশ্ৰম হাইস্কুলৰ ধনমনী ৰামছিয়াৰী, কোকৰাঝাৰ জিলাৰ ইউ এন একাডেমীৰ ধনিষ্ঠা মুছাহাৰী আৰু মানিক বসুমতাৰী, বাক্সা জিলাৰ ইউএন একাডেমীৰ অভিজিৎ ব্ৰহ্ম, বাক্সা জিলাৰ বৰিমাখাৰ বাথৌ আশ্ৰম হাইস্কুলৰ য়ুথৰিয়াসাৰ খুংগুৰ বড়ো, নলবাৰী জিলাৰ বাথৌ আশ্ৰম হাইস্কুলৰ জম্মী নাৰ্জাৰী, শালবাৰীৰ হাতৰ্খী পঢ়াশালীৰ কৃষ্ণাজুলী বড়ো, চিৰাং জিলাৰ উলুবাৰী হাইস্কুলৰ মনজিৎ বসুমতাৰীক কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

সংবাদমেলত এবছুৰ শিক্ষা সচিব কাষ্টম বসুমতাৰীয়ে বড়োৱে মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন সমস্যাৰে জৰ্জৰিত হোৱাৰ পিছতো সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত সৰ্বমুঠ ১৬০৬ গৰাকীয়ে উত্তীৰ্ণ হোৱাত অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

চৰকাৰে বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ প্ৰতি অৱহেলা কৰাৰ অভিযোগ তুলি শিক্ষা সচিবগৰাকীয়ে বড়ো মাধ্যমৰ প্ৰাদেশিকীকৃত বিদ্যালয়ত পৰ্যাপ্ত সংখ্যক বিজ্ঞান, অংক আৰু ইংৰাজীৰ শিক্ষকৰ অভাৱৰ লগতে সময়মতে পাঠ্যপুথি যোগান নোহোৱা আৰু বড়ো মাধ্যমৰ বিদ্যালয় প্ৰাদেশিকীকৰণ নোহোৱাকে আন মাধ্যমৰ তুলনাত বড়ো মাধ্যমৰ পৰীক্ষাৰ ফলাফল বেয়া হোৱাৰ কাৰণ বুলি সদৰি কৰে।