• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰণ : বড়োভূমিৰ ৰাজনীতি কোন দিশে?

ভাস্কৰজ্যোতি বৰা by ভাস্কৰজ্যোতি বৰা
May 5, 2018 2:06 pm
04-05-18 Mushalpur- Hagrama Mohilary address media (2)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এবছু, এনডিএফবি (প্ৰগতিশীল) আৰু পিপল্ছ এক্সন কমিটী ফৰ বড়োলেণ্ড মুভমেণ্টৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধক কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিটিচি প্ৰধান তথা বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। বিজেপি মিত্ৰজোটৰ অংশীদাৰ হৈও মহিলাৰীয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিজেপিৰ বিৰুদ্ধে।

পৃথক বড়োলেণ্ডৰ দাবীত সংগঠন কেইটাই কৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীৰ আঁৰত বিজেপিৰ কেইজনমান নেতাৰ আশীৰ্বাদ আছে বুলি ৰাজহুৱাকৈ মন্তব্য কৰি মহিলাৰীয়ে কয় যে- এয়া বিপিএফক দুৰ্বল তথা ধ্বংস কৰাৰ ষড়যন্ত্ৰ। বিটিচি প্ৰধানগৰাকীয়ে আনকি কেবাদিনো ধৰি চলা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী বন্ধ কৰিবলৈ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কিয় বুলি প্ৰশ্ন কৰে। এয়া এবছু নহৈ আন কোনো সংখ্যালঘু সংগঠনে কৰাহেঁতেন চৰকাৰে বল প্ৰয়োগেৰে ছত্ৰভংগ দিয়ালে হেঁতেন বুলিও তেওঁ ক্ষোভ উজাৰিছে।

হাগ্ৰামা মহিলাৰীৰ এই প্ৰতিক্ৰিয়া বড়োভূমিৰ ৰাজনীতিত বিশেষ তাৎপৰ্যপূৰ্ণ। বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ হৈ চৰকাৰ চলাই থকা সত্বেও কিয় মহিলাৰীয়ে এই বিস্ফোৰক মন্তব্য কৰিছে? কেৱল বড়োভূমিৰ ৰাজনীতিতেই নহয়, ৰাজ্যৰ ৰাজনীতিতো ই বিশেষভাৱে লক্ষ্যণীয়।

বিপিএফৰ সৈতে বিজেপিৰ মিত্ৰতা আৰম্ভ হোৱাৰ দিনৰ পৰা দেখিবলৈ পাই আহিছো যে- মাজে সময়ে দল দুটাৰ মাজত তিক্ততাদায়ক পৰিস্থিতিৰ উদ্ভৱ হয়। বৰ্তমান বিজেপিৰ মৰ্চা ৰাজনীতিত যি নিমিলা অংক তাৰ পৰিপ্ৰেক্ষিতত এয়া স্বাভাৱিকেই। বিজেপিৰ দৰে এটা আগ্ৰাসী ৰাজনৈতিক দলে মিত্ৰতাৰ ধৰ্ম কিমান পালন কৰিছে সেয়া এতিয়া দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে। অমিত শ্বাহ, নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক কৌশল হৈছে যে- যিকোনো প্ৰকাৰে মিত্ৰদলক চাপত ৰাখিব লাগে। যাতে মিত্ৰদল তেওঁলোকৰ ওচৰত নৰম হৈ থাকে। তেওঁলোকৰ সেই কৌশলৰেই বহিঃপ্ৰকাশ ঘটিছে বড়োলেণ্ডত।

শেহতীয়াকৈ এবছুৰ নেতৃত্বত পৃথক বড়োলেণ্ডৰ দাবী পুনৰ কিছু শক্তিশালী হৈছে। এবছুৱে বিটিএডিৰ জিলা কেইখনত সঘনাই গণসমাবেশ, ৰে’লপথ অৱৰোধ, ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰিছে। এই প্ৰতিবাদী কাৰ্যসূচীত বড়োলোকৰ অংশগ্ৰহণো যথেষ্ট । বৰ্তমান পৰিস্থিতিত পৃথক বড়ো ৰাজ্য কেতিয়াও সম্ভৱ নহয়। পৃথক বড়ো ৰাজ্যৰ দাবীৰ ঐতিহাসিক গণ আন্দোলনৰ ফলত বড়োসকলে লাভ কৰা স্বায়ত্ত শাসনক লৈও অবড়ো লোকসকল মুঠেও সন্তুষ্ট নহয়। জনগাঁথনিৰ দিশৰ পৰা পৃথক বড়ো ৰাজ্য কোনো কালে হ’ব নোৱাৰে। এই বাস্তৱ আজি সকলোৱে বুজি পায়। যিকাৰণে হাগ্ৰামা মহিলাৰীয়ে এবছুক সমালোচনা কৰিবলৈ গৈ কৈয়ে পেলাইছে যে- পৃথক বড়োলেণ্ড নহয় বুলি জানিও কিয় আন্দোলন কৰিছে এবছুৱে।

হয়, পৃথক বড়োলেণ্ড অসম্ভৱ সেই কথা হয়তো এবছুৰ নেতৃত্বই নজনা নহয়। কিন্তু বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ প্ৰশ্ন পুনৰ সজোৰে উত্থাপন কৰিছে এবছুৱে। কাৰণ বিটিচি গঠনৰ পিছত বড়োসকলৰ আশা-আকাংক্ষা পূৰণ হোৱা নাই। বড়োভূমিৰ উন্নয়নৰ স্বৰূপো সন্তোষজনক নহয়। সেই বাবেই বিটিএডিত এক অধিষ্ঠান বিৰোধী ফল্গুধাৰা ক্ৰমাৎ শক্তিশালী হৈ আহিছে। এই পৰিস্থিতিৰেই সুযোগ গ্ৰহণ কৰিব খুজিছে দিল্লী, দিছপুৰত চৰকাৰ চলোৱা বিজেপিয়ে।

বিপিএফৰ প্ৰতিদ্বন্দ্বী এবছু, এনডিএফবি (প্ৰগতিশীল),পিপল্ছ এক্সন কমিটী ফৰ বড়োলেণ্ড মুভমেণ্টৰ লগত বিজেপিৰ একাংশৰ সম্পৰ্ক থাকিব পাৰে বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা অভিযোগ হয়তো উলাই কৰিব নোৱাৰি। এই একে অভিযোগেই শুনিবলৈ পোৱা গৈছিল অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰ বাবু নাইডুৰ মুখত। নাইডুৰ তেলেগুদেশম পাৰ্টীয়ে এন ডি এ ত্যাগ কৰাৰ সময়ত বাজপেয়ীৰ দিনৰ পৰা বিজেপিৰ লগত থকা নেতাজনে অভিযোগ কৰিছিল যে- তেওঁতকৈ ৱাই এছ আৰ কংগ্ৰেছৰ জগনমোহন ৰেড্ডীৰ সৈতে অধিক সু-সম্পৰ্ক ৰক্ষা কৰে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে।

একেই দৃশ্য দেখিবলৈ পোৱা গৈছে তামিলনাডুতো। এ আই এ ডি এম কেৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ উমান পাই মোদীয়ে ডি এম কেৰ সৈতে সম্পৰ্ক গঢ়িবলৈ চেষ্টা অব্যাহত ৰাখিছে। তাৰেই প্ৰতিফলন দেখিবলৈ পোৱা গৈছে নেকি আমাৰ বড়োভূমিতো। কাৰণ অমিত শ্বাহৰ নীতিয়েই হৈছে- যিকোনো প্ৰকাৰে ক্ষমতাৰ অংশীদাৰ হ’ব পৰা দল বা গোটক বিজেপিৰ লগত ৰাখিব লাগে । তাৰ বাবে মিত্ৰদলকো বিশ্বাসঘাটকতা কৰিবলৈ কুণ্ঠাবোধ নকৰে।

বিটিএডিত বিপিএফক চাপত ৰাখি বিজেপিৰ সৈতে সংঘাতত নাহিবলৈ বাধ্য কৰাব বিচাৰিছে। আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বই বড়ো নেতৃত্বক পৃথক ৰাজ্যৰ ক্ষেত্ৰত ভিতৰি ভিতৰি হয়তো হোহোকা পিচলা ইংগিত দি থাকিব পাৰে। ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গেৰুৱা দলটোৱে যি ঠাইত যি ধৰণৰ ৰণকৌশল প্ৰয়োগ কৰিব লাগে তাকেই কৰিছে। সেই বাবেই বিপিএফ মিত্ৰশক্তি থকাৰ পিছতো এবছুৰ প্ৰতি নৰম হ’ব পাৰে। হাগ্ৰামা মহিলাৰীৰ অভিযোগৰ ভিত্তি সেইটোৱে।

২০১৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বৰ পৰা বিপিএফক যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি মতে বিজেপি চৰকাৰে কাম কৰা নাই। সেয়া দেখিও কিন্তু বিপিএফে বিজেপিক উভতি ধৰিব পৰা নাই। বৰঞ্চ কোকৰাঝাৰ লোকসভা সমষ্টিত বিজেপিয়ে নিৰ্বাচনী কুচকাৱাজ চলাই আছে। কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কোকৰাঝাৰ সমষ্টিত আহি ২০১৯ৰ নিৰ্বাচনী ৰণডংকা বজাই গ’ল । অৱশ্যে সাম্প্ৰতিক ৰাজনৈতিক সমীকৰণত আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে কোকৰাঝাৰ লোকসভা সমষ্টি বিপিএফক এৰি দিব। তাৰ বিকল্পৰ কথা অহা নাই। কিন্তু বিপিএফে যাতে বিশেষ দৰ-দাম কৰিব নোৱাৰে তাৰবাবে হয়তো কিছু কৌশল লৈছে।

হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফে বিটিএডিত শাসন চলাই আছে যদিও তেওঁলোকৰ বিৰুদ্ধে জনসাধাৰণৰ ক্ষোভো পুঞ্জিভূত হৈছে। অৱশ্যে নিৰ্বাচনী ৰাজনীতিত পাকৈত খেলুৱৈ হাগ্ৰামা মহিলাৰীয়ে ইয়াক মোকাবিলা কৰিব পাৰিব বুলি বিশ্বাস বিজেপি নেতৃত্বৰ। তাৰ লগতে বিপিএফ বিৰোধী বড়ো জনসাধাৰণ যাতে বিজেপিৰ প্ৰতি বীতশ্ৰদ্ধ নহয় সেইটোও লক্ষ্য কৰিছে গেৰুৱাবাহিনীয়ে। বিটিএডিত চলি থকা এই ৰাজনৈতিক আৰু সামাজিক সমীকৰণ দেখিয়েই মুকলিকৈ বিস্ফোৰক মন্তব্য কৰিছে বিটিচি প্ৰধানগৰাকীয়ে।

মহিলাৰীৰ অভিযোগ- কিমান সত্য সেয়া ক’ব নোৱাৰি। বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধত বিজেপি নেতাৰ সমৰ্থন আৰু আশীৰ্বাদ থকাৰ স্পষ্ট প্ৰমাণ নাই। কিন্তু প্ৰশ্ন হয়- তেতিয়া হ’লে নিজৰ মিত্ৰদলৰ বিৰুদ্ধে কিয় ৰাজহুৱাকৈ অভিযোগ উত্থাপন কৰিবলগীয়া হ’ল বিটিচি প্ৰধান মহিলাৰীয়ে? অৰ্থাৎ এইকেইদিন চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধত বিজেপিৰ একাংশ নেতাৰ আশীৰ্বাদ নাথাকিলেও বড়ো ৰাজনীতিত বিজেপিয়ে নিজাববীয়া ৰণকৌশল যে প্ৰয়োগ কৰি আছে সেই কথা স্পষ্ট। সেই বাবেই ক্ষুব্ধ হাগ্ৰামা মহিলাৰী।

এল কে আদৱানী কেন্দ্ৰীয় গৃহমন্ত্ৰী থকাৰ সময়ৰ পৰাই বড়োলেণ্ডক এক পৰীক্ষাগাৰ হিচাপে লৈ আহিছে বিজেপিয়ে। সেই দৃষ্টিভংগী মোদী-অমিত শ্বাহৰো পৰিৱৰ্তন হোৱা নাই। বিটিএডিৰ ৰাজনীতিয়ে অনাগত সময়ত কোন দিশে গতি কৰে সেয়া হৈ পৰিছে বিশেষ লক্ষ্যণীয়। হাগ্ৰামা মহিলাৰীক প্ৰত্যাহ্বান জনাব পৰা কোনোবা নেতা ওলাবনে?

লেখক এজন জ্যেষ্ঠ সাংবাদিক

লেখকৰ ই মে’ইল ঠিকনা : [email protected]

ভাস্কৰজ্যোতি বৰা

ভাস্কৰজ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

August 25, 2025 8:17 pm
বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd