হাতীৰ আতংক তথা হাতী-মানুহৰ সংঘাত কমাবলৈ চৰকাৰে কেইটামান কাৰ্যকৰী পদক্ষেপ ল’বলৈ ওলাইছে। ইয়াৰ ভিতৰত শেহতীয়া প্ৰযুক্তিক ব্যৱহাৰ কৰাত গুৰুত্ব দিছে। বিশেষকৈ হোৱাটছ এপ আৰু এছ এম এছ পদ্ধতিৰে আগতীয়াকৈ সতৰ্ক কৰি দিয়াৰ পদ্ধতিক অগ্ৰাধিকাৰ দিয়া হৈছে। কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ৰ এজন বিষয়াই এই কথা সদৰী কৰিছে। ইয়াৰ লগতে হাতীৰ ৰেডিঅ’ কলাৰিঙো আছে।
উল্লেখযোগ্য যে অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰামকে ধৰি সমগ্ৰ দেশৰ ১৬ খন ৰাজ্যত হাতীৰ আতংকই বিশেষ সমস্যাৰ সৃষ্টি কৰিছে।
চৰকাৰী তথ্যমতে হাতীৰ ত্ৰাসজনিত সমস্যাত ২০১৭-১৮ সময়ছোৱাত অসম দেশৰ ভিতৰত পঞ্চম স্থানত আছে।
এই সময়ছোৱাৰ ভিতৰত অসমত ৩১জন লোক হতাহত হৈছে। আনহাতে শীৰ্ষত থকা উৰিষ্যাত এই সময়ছোৱাৰ ভিতৰত ৪২ জন লোকৰ মৃত্যু হৈছে, পশ্চিম বংগত ৪১জনৰ মৃত্যু হৈছে। ঝাৰখণ্ডত ৩৮জন হতাহত হোৱাৰ উপৰি তামিল নাডুত ৩৬জনৰ মৃত্যু হৈছে।
উল্লেখযোগ্য যে যোৱা ২০১৬-১৭ সময়ছোৱাত অসমত মুঠ ৯১জন হতাহত হৈছিল, যিটো এই ক্ষেত্ৰত দেশৰ ভিতৰতে সৰ্বাধিক আছিল।
বিষয়াজনে কয় যে মন্ত্ৰ্যালয়ে হাতী মানুহৰ সংঘাত হ্ৰাস কৰিবলৈ বিভিন্ন পদক্ষেপ লৈছে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় অভয়াৰণ্যবিলাক, বন্যপ্ৰাণী অভয়াৰণ্যবিলাকৰ উন্নয়ন, হাতীৰ গুৰুত্বপূৰ্ণ বাসস্থান চিনাক্তকৰণ, হস্তী সংৰক্ষিত বনাঞ্চল আৰু হাতীৰ কৰিড’ৰ চিনাক্তকৰণো আছে।
বিষয়াজনে আৰু লগতে কয় যে হাতীৰ সন্ত্ৰাস থকা ৰাজ্যবোৰলৈ কেন্দ্ৰীয় চৰকাৰে লোৱা হস্তী প্ৰকল্পৰ অধীনত বিত্তীয় আৰু কৌশলগত সাহায্য আগ বঢ়োৱা হৈছে।
এই পৰ্য্যন্ত ১৪ খন ৰাজ্যত ২৯ টা হস্তী সংৰক্ষিত বনাঞ্চল আছে বুলি বিষয়াজনে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে হাতীক বন্যপ্ৰাণী সংৰক্ষণ আইনৰ প্ৰথম সূচীতে ৰখা হৈছে, আৰু ইয়াক সৰ্বাধিক আইনী সুৰক্ষা দিয়া হয়।