বৃহস্পতিবাৰে হাফলং ডনবস্ক বিদ্যালয় প্ৰেক্ষাগৃহত ইণ্ডিয়া ট্যুৰিজম গুৱাহাটী আৰু ইণ্ডিয়ান ইনষ্টিটিউট অব্ ট্যুৰিজম এণ্ড ট্ৰেভেল মেনেজমেণ্টৰ উদ্যোগত এক সজাগতা সভা অনুষ্ঠিত হয়।
ডিমা হাচাও জিলাৰ পৰ্যটনৰ উন্নয়নৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত স্বচ্ছ পৰ্যটন বিষয়ৰ ওপৰত সজাগতা অনাৰ লক্ষ্য আগত ৰাখিয়ে উক্ত সজাগতা সভাখন আহ্বান কৰা হয়।
উক্ত সজাগতা সভাত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত স্বচ্ছতাৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য ৰাখে আই আই টি টিৰ কোৰ্ডিনেটৰ মহম্মদ সাবিৰ হুছেইনে।
তেওঁ কয় যে স্বচ্ছতা পৰ্যটনৰ অবিচ্ছেদ্য অংগ। সেয়েহে স্বচ্ছ ভাৰতৰ বাৰ্তা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিয়পাবলৈ চেষ্টা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এই ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিব খোজা হৈছে।
লগতে হুছেইনে কয়ে যে স্বচ্ছতা অকল বিদ্যালয় চৌহদতে নহয়, চহৰ-গাঁও সৰ্বত্ৰে স্বচ্ছ ৰখাৰ কাৰণে এই উদ্যোগ হাতত লোৱা হৈছে।
আনহাতে বৃহস্পতিবাৰে আয়োজিত কৰা সজাগতা সভাতে স্বচ্ছতাৰ ওপৰত ছাত্ৰ-ছাত্ৰী সকলৰ এখনি কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। লগতে ছাত্ৰছাত্ৰী সকলৰ মাজত টুপি, বেজ আদি বিতৰণ কৰাৰ লগতে কুইজ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা দলৰ হাতত আয়োজকৰ ফালৰ পৰা এখন এখন ট্ৰফী তুলি দিয়া হয়।