NORTHEAST NOW (Assamese)

হাফলঙত কেন্সাৰ ৰোগ সম্পৰ্কত সজাগতা সভা সম্পন্ন

April 8, 2018 12:43 pm · পংকজকুমাৰ দেব
Updated: April 8, 2018 2:40 pm

বেচৰকাৰী সংস্থা চানক্য ৱেলফেয়াৰ ছচাইটিৰ উদ্যোগত হাফলঙত কেন্সাৰ ৰোগ সম্পৰ্কত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়।

ডিমা হাচাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱা এই সজাগতা সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

আনহাতে, কাছাৰ কেন্সাৰ হস্পিটালৰ বিশেষজ্ঞ চিকিৎসক ৰবি কান্নান অনুষ্ঠানত বিশেষ সমল ব্যক্তি হিচাপে উপস্থিত থাকে। ড০ কান্নানে কয় যে বৰ্তমান সময়ত  ধঁপাত সেৱনৰ পৰাই আশী শতাংশ কেন্সাৰ ৰোগ হয়। তেওঁ লগতে আৰু কয় যে কেন্সাৰ সহজেই নিৰাময় হোৱা এক বেমাৰ। কিন্তু সমস্যা হ’ল সঠিক সময়ত চিকিৎসকৰ দ্বাৰস্থ হোৱা।

ড০ কান্নানে মহিলা সকলক স্তন কেন্সাৰকলৈ সজাগ হোৱাৰ বাবে আহ্বান জনায়। তেওঁ এই বিষয়ত ব্যাখ্যা দাঙি ধৰি কয় যে প্ৰথমে এটা সৰু টিউমাৰ নিচিনা হয় আৰু ইয়াৰ পিছত লাহে লাহে ই ডাঙৰ হয়। তাৰ বাবে কমপক্ষেও দহ বছৰ সময় লাগে। সেয়েহে সজাগতাৰ মাধ্যমেৰে এই কেন্সাৰৰ পৰা ৰক্ষা পাব পাৰি।

উক্ত সজাগতা সভাত হাফলঙৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি, বিশিষ্ট নাগৰিক, চিকিৎসক, অধ্যাপক, সাংবাদিক আদিকে ধৰি বহু সংখ্যক সচেতন লোক উপস্থিত থাকে।

 

Related News