NORTHEAST NOW (Assamese)

হাফলঙত জুইত জাহ গ’ল কেইবা লক্ষাধিক মূল্যৰ গাড়ী

March 24, 2018 1:52 pm · পংকজকুমাৰ দেব

শুকুৰবাৰে নিশা হাফলঙৰ চৰকাৰী বাগানৰ এন আৰ এল পেট্ৰ’ল পাম্পৰ লগত লাগি থকা এটা গাড়ীৰ ৱৰ্কশ্বপত অগ্নিকাণ্ডৰ সুত্ৰপাত ঘটে।  মুহুৰ্তৰ ভিতৰতে জুইৰ লেলিহান শিখাই ৱৰ্কশ্বপটোৰ সকলো ছাৰখাৰ কৰি দিয়ে।

অগ্নিকাণ্ডৰ ফলত হোৱা আনুমানিক ক্ষয় ক্ষতিৰ পৰিমান প্ৰায় পোন্ধৰৰ পৰা ওঠৰ লাখ মান হ’ব।

জুইৰ সুত্ৰপাত ক’ৰ পৰা হৈছে সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই। অৱশ্যে, এন আৰ এল পেট্ৰ’ল পাম্পটো জুইৰ পৰা কথমপি ৰক্ষা পৰে।

ৱৰ্কশ্বপৰ স্বত্বাধিকাৰী হাৰু আচাৰ্য্যই দিয়া ভাষ্য অনুসৰি তেওঁ ৱৰ্কশ্বপ বন্ধ কৰি ইয়াৰ ঠিক পিছফালে থকা ঘৰটোতে আছিল। হঠাতে জুই জুই বুলি চিঞৰ বাখৰ শুনি ঘৰৰ পৰা ওলাই আহি দেখে যে জুইত এখন গাড়ী জ্বলি প্ৰায় জাহ গৈছে।

উপস্থিত লোকে পানী ঢালি দিয়াৰ পিছত জুই হ্ৰাস পোৱাৰ সলনি বাঢ়িহে যায়। লগে লগে আগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয়। কিছু পলমকৈ হ’লেও অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপিত কৰে।

অগ্নিকাণ্ডত ৱৰ্কশ্বপৰ সাতখন পুৰণি গাড়ী জ্বলি যায়। ইয়াৰ ভিতৰত আছে ৱাগনাৰ, জীপ, জীপছি, মাৰুতি ৮০০, মটৰবাইক আদি। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও কোনো বিশেষ তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

অগ্নি নিৰ্বাপক বাহিনী অহাত আৰু অলপ পলম হ’লেই এন আৰ এল পেট্ৰ’ল পাম্পত জুই লাগিলেহেঁতন আৰু গোটেই এলেকাটো ছাৰখাৰ হৈ গ’লহেঁতেন বুলি মত প্ৰকাশ কৰিছে উপস্থিত ৰাইজে।

 

Related News