NORTHEAST NOW (Assamese)

হিৰ’ ইণ্ডিয়ান মহিলা লীগৰ বাবে সাজু শ্বিলং : প্ৰিমীয়াৰ মহিলা ফুটবল প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি হ’ব ২৫ মাৰ্চত  

March 20, 2018 11:48 am · এন ই নাও নিউজ
ফাইল ফটো

হিৰ’ ইণ্ডিয়ান মহিলা লীগৰ দ্বিতীয় সংস্কৰণৰ দিন চমু চাপি অহাৰ লগে লগে ফুটবল প্ৰেমীসকলৰ মাজত দেখা গৈছে যথেষ্ট উৎসাহ উদ্দীপনা। মেঘালয়ৰ শ্বিলঙত ২৫ মাৰ্চৰ দিনা বহু প্ৰত্যাশিত এই প্ৰিমীয়াৰ মহিলা ফুটবল প্ৰতিযোগিতাখন শুভাৰম্ভণি হ’ব।

অহা দেওবাৰে, যোৱা বাৰৰ চেম্পিয়ন দল মণিপুৰৰ ইষ্টাৰ্ণ স্পোৰ্টিং য়ুনিয়ন আৰু ইণ্ডিৰা গান্ধী ক্ৰীড়া আৰু শিক্ষা একাডেমিৰ খেলৰ মাজেৰে শুভাৰম্ভণি হ’ব এই ইণ্ডিয়ান মহিলা ফুটবল লীগৰ।

উল্লেখ্য যে যোৱা বছৰ দেশৰ ৰাজধানী নতুন দিল্লীত প্ৰতিযোগিতাখনৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হৈছিল।

সাতটা দলে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনত প্ৰত্যেক দলে ছয়খন কৈ মেচ খেলিব আৰু পইণ্ট তালিকাৰ শীৰ্ষ চাৰিটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব।

ছেমি ফাইনেল মেচদুখন ১২ এপ্ৰিল আৰু প্ৰতিযোগিতাৰ চূড়ান্ত মেচখন ১৫ এপ্ৰিলৰ দিনা অনুষ্ঠিত হ’ব বুলি আয়োজকে জানিবলৈ দিয়ে।

২০১৭-১৮ বৰ্ষত প্ৰথমবাৰৰ বাবে হিৰ’ আই লীগত প্ৰৱেশ কৰা গ’কুলাম কেৰেলা এফ চি হৈছে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া একমাত্ৰ আই লীগ দল। দলটোৱে লীগৰ আৰম্ভণিৰ দিনাই যোৱা বাৰৰ ৰানাৰ্ছ আপ দল উৰিষ্যাৰ ৰাইজিং ষ্টুডেণ্ট ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

প্ৰতিযোগিতাখনৰ আন এটা শক্তিশালী দল হৈছে ছেঠু এফ চি। মহিলা ছিনিয়ৰ ৰাজ্যিক ফুটবল টুৰ্ণামেণ্টত মণিপুৰক ২-১ৰ ব্যৱধানত হৰুৱাই প্ৰথমবাৰৰ বাবে বিজয়ীৰ খিতাপ দখল কৰা তামিলনাডুৰ অধিকাংশ খেলুৱৈয়ে এই দলটোৰ সৈতে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব।

ইয়াৰ উপৰি ফুটবল শক্তি হিচাপে পৰিচিত মণিপুৰ ৰাজ্যৰ আন এটা দল ক্ৰিপছায়ো প্ৰতিযোগিতাখনত সৰ্বোচ্চ উজাৰি শ্ৰেষ্ঠত্ব আজুৰি আনিবলৈ প্ৰয়াস কৰা দেখা যাব।

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলগীয়া মহিলা ফুটবল দল কেইটা ক্ৰমে, ইষ্টাৰ্ণ স্পোৰ্টিং য়ুনিয়ন, ৰাইজিং ষ্টুডেণ্ট ক্লাব, ক্ৰিপছা, ইণ্ডিয়ান ৰাশ্ব চ’কাৰ ক্লাব, ছেঠু এফ চি, গ’কুলাম কেৰেলা এফ চি আৰু ইণ্ডিৰা গান্ধী ক্ৰীড়া আৰু শিক্ষা একাডেমি।

Related News