হোজাইত বিজেপি কৰ্মী আৰু খাদ্য নিগমৰ কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিট

HOJAI

বৃহস্পতিবাৰে হোজাই খাদ্য নিগমৰ চৌহদত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হয়। খাদ্য নিগমৰ চৌহদত কালি হঠাৎ বিজেপি কৰ্মী আৰু খাদ্য নিগমৰ কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয় । মাৰপিটত দুজন বিজেপি কৰ্মী আহত হোৱাৰ লগতে এজন নিগমৰ কৰ্মী গুৰুতৰভাৱে আহত হয়।

উল্লেখ্য যে এই পৰ্যন্ত দুয়োপক্ষৰ মাজত কিহৰ বাবে মাৰপিটৰ ঘটনা সংঘটিত হ’ল তাৰ প্ৰকৃত ৰহস্য জানিব পৰা নাই।

অৱশ্যে খাদ্য নিগমৰ কৰ্মীসকলে অভিযোগ কৰা অনুসৰি বিজেপি কৰ্মীসকলে তেওঁলোকক ধন দাবী কৰিছিল আৰু তাকেই কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়।

জানিব পৰা অনুসৰি কালি বিজেপিৰ ১২/১৩ জনীয়া এটা দলে হোজাই ভাৰতীয় খাদ্য নিগমৰ চৌহদত বলপূৰ্বকভাবে প্ৰৱেশ কৰি ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছে খাদ্য নিগমৰ কৰ্মচাৰীসকলে। নিগমৰ ফালৰ পৰা কোনো ধৰণৰ ধন নিদিয়াত বিজেপিৰ গুণ্ডাবাহিনীৰ দলটোৱে প্ৰথমে গালি-গালাজ পাৰে আৰি তাৰ পাছতে ৰণস্থলীলৈ ৰূপান্তৰিত হয় নিগমৰ চৌহদ।

উল্লেখ্য যে মাৰপিটৰ ঘটনা সন্দৰ্ভত এতিয়ালৈ বিজেপি কৰ্মীসকলে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও বিজেপিৰ কৰ্মীসকলে গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আৰক্ষী থানাৰ ওচৰ চপা বুলিও জানিব পৰা গৈছে।

ইপিনে মাৰপিট সন্দৰ্ভত বিজেপি কৰ্মীসকলে কয় যে তেওঁলোকক খাদ্য নিগমৰ কৰ্মচাৰীসকলেহে শাৰিৰীকভাৱে অপদস্ত কৰিছে।