NORTHEAST NOW (Assamese)

বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে হোজাইত বিদ্যুৎস্পৃষ্ট হৈ এজন নিহত

April 17, 2018 7:36 pm · নিখিল মুন্দ্ৰা

মঙলবাৰে (১৭ এপ্ৰিল) হোজাইত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে পুনৰ প্ৰাণ গ’ল এজন লোকৰ। এই ঘটনা সংঘটিত হয় হোজাইৰ ৰাইকাটা অঞ্চলত।

উল্লেখযোগ্য যে প্ৰায় দুমাহ মানৰ আগতে হোজাইৰ সাগৰবস্তিত এজন লোকে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি লৈছিল।

প্ৰাপ্ত তথ্য মতে হোজাইৰ ৰাইকাটা অঞ্চলত ১৩-১৪ এপ্ৰিলত হোৱা ধুমুহা বৰষুণৰ ফলত বিদ্যুতৰ তাঁৰ ছিগি অঞ্চলটোত বিদ্যুৎ সংযোগ ব্যাহত হৈ আছিল।

ফলত আজি বিদ্যুৎ বিভাগে অঞ্চলটোত বিদ্যুতৰ মেৰামতিৰ কাম-কাজ চলাই। ইফালে বিদ্যুৎ বিভাগৰ মেৰামতিৰ কাম-কাজত সহায়ৰ বাবে আগবাঢ়ি আছিল স্থানীয় গাঁওবাসী মোহনলাল দাস নামৰ এজন ব্যক্তি।

মোহনলাল দাসে বিদ্যুতৰ তাঁৰৰ মেৰামতিৰ কাম কৰি থকা অৱস্থাতে হঠাতে ৪৪০  ভল্টৰ বিদ্যুৎ সংযোগ হোৱাত ঘটনাস্থলীতে ঢলি পৰে মোহনলাল।

ঘটনা সংঘটিত হোৱাৰ লগে লগে তাৎক্ষণিকভাৱে স্থানীয় গাঁওবাসীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মোহনলালক সমীপৰ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

ইফালে স্থানীয় ৰাইজে এই ঘটনা বিদ্যুৎ বিভাগৰ গাফিলতিৰ ফলতে সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে।

ইতিমধ্যে মোহনলালৰ পৰিয়ালৰ লোকে হোজাই আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।

Related News