হোজাইত ভাৰতীয় জনতা যুৱ মৰ্চাৰ কৰ্মী আৰু খাদ্য নিগমৰ কৰ্মচাৰীৰ মাজত সংঘৰ্ষ

হোজাইত শুকুৰবাৰে ভাৰতীয় খাদ্য নিগমৰ কৰ্মচাৰী আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ কৰ্মীৰ মাজত হোৱা এক সংঘৰ্ষই হিংসাত্মক ৰূপ ধাৰণ কৰে। এই ঘটনাটো হোজাইৰ খাদ্য নিগমৰ সমীপতে সংঘটিত হয় বুলি জানিব পৰা গৈছে।

এই সংঘৰ্ষত ৫ জন ব্যক্তি কম-বেছি পৰিমাণে গুৰুতৰভাৱে আহত হয়। আহত ব্যক্তিকেইজনক ক্ৰমে বিজয় দাস, ভাৰতীয় জনতা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক জগদীশ মোহন, ভাৰতীয় জনতা যুৱ মৰ্চাৰ উপাধ্যক্ষ দেৱব্ৰত ৰয় বুলি চিনাক্ত কৰা হৈছে। তাৰোপৰি এফ চি আইৰ এজন শ্ৰমিকো আহত হৈছে যদিও বৰ্তমানলৈকে তেওঁক চিনাক্ত কৰিব পৰা হোৱা নাই।

ইফালে আহত আটাইকেইজনকে সমীপৰ চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰা হয়।

উল্লেখযোগ্য যে  হোজাই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে।

আঘাতপ্ৰাপ্ত ভাৰতীয় জনতা যুৱ মৰ্চাৰ এজন সদস্যৰ মন্তব্যৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে খাদ্য নিগমৰ কৰ্মচাৰী বিজু দাসক ঘটনা সন্দৰ্ভত সোধ-পোছৰ বাবে নিজৰ জিন্মাত লোৱা বুলি জানিব পৰা গৈছে।

আনহাতে খাদ্য নিগমৰ কৰ্মচাৰী সকলে ভাৰতীয় জনতা যুৱ মৰ্চাৰ সদস্যই হোজাইৰ খাদ্য নিগমটোত অবৈধভাৱে ধন দাবী কৰা বুলি অভিযোগ উত্থাপন কৰে।