হোজাইত মৰেল পুলিচৰ অমানৱীয় আক্ৰমণ : দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী তিৱা ছাত্ৰ সন্থাৰ

ATSU-ARO-TMT-LOGO-990x557

মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত গোঁসাইসন্দা গাৱঁৰ ৰতন বৰদলৈ নামৰ এজন জনজাতীয় যুৱকক অলপতে হোজাইৰ কোমাৰা কাটাত ৰাজহুৱাভাৱে মৰেল পুলিচ ৰূপী স্থানীয় একাংশ উদণ্ড লোকে অমানৱীয় আক্ৰমণ কৰা ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে সদৌ অসম তিৱা ছাত্র সন্থাই।

বৃহস্পতিবাৰে নগাঁও প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দীপেন মছৰঙে কয়  যে কাম বিচাৰি হোজাইলৈ যোৱা এজন নিৰীহ তথা দৰিদ্ৰ যুৱক একাংশ লোকৰ দ্বাৰা অবাঞ্চিত আক্ৰমণৰ সন্মুখীন হোৱা ঘটনা দুৰ্ভাগ্যজনকেই নহয়, গৰিহণাৰো যোগ্য।

আইন হাতত তুলি লোৱা এনে কাৰ্য সহ্য কৰা নহ’ব বুলি উল্লেখ কৰি দীপেন মছৰঙে কয় যে আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত নমনীয় দৃষ্টিভংগী গ্ৰহণ কৰিছে। এই ঘটনাৰ লগত জড়িত দোষীক তেওঁ কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়।

তেওঁ কয় যে  গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনৰ বৰ্তমান অৰ্থৰ অভাৱত চিকিৎসা কৰিবলৈ সক্ষম হোৱা নাই। সেয়েহে অতি দৰিদ্ৰ যুৱকজনক উন্নত চিকিৎসাৰ বাবে সাহায্য প্ৰদান কৰাৰ লগতে উপযুক্ত ক্ষতিপূৰণ দিবলৈ চৰকাৰ-প্ৰশাসনক দাবী জনায় ছাত্ৰ নেতাজনে।

সংবাদ মেলত ছাত্ৰ সংগঠনটোৰ দুই উপদেষ্টা ক্ৰমে প্ৰহ্লাদ মছৰং আৰু প্ৰনৱজ্যোতি মছৰং আৰু নগাঁও জিলা সমিতিৰ সভাপতি প্ৰশান্ত কোঁৱৰ উপস্থিত থাকে।