NORTHEAST NOW (Assamese)

হোজাইৰ ৰাইকাতাত উদ্ধাৰ উঁৱলি যোৱা অচিনাক্ত মৃতদেহ

June 16, 2018 8:29 pm · নিখিল মুন্দ্ৰা
প্ৰতিনিধিত্বমূলক ছবি

হোজাই জিলাৰ ৰাইকাতা ইছলামপুৰ এলেকাত উঁৱলি যোৱা মৃতদেহ এটা পানীত ভাঁহি থকা অৱস্থাত উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

সূত্ৰ অনুসৰি ভলু দাস নামৰ এজন লোকৰ খেতিপথাৰত এতিয়ালৈকে চিনাক্ত কৰিব নোৱৰা মৃতদেহটো পোৱা গৈছে। মৃতদেহটো পুৰুষৰ বুলি ধাৰণা কৰা হৈছে।

খবৰ পোৱা লগে লগে আৰক্ষী গৈ ঘটনাথলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Related News