হোণ্ডা চিটি গাড়ীৰ পৰা ১০০ কেজি গাঞ্জা জব্দ ধৰ্মনগৰ আৰক্ষীৰ

ganja intripura

ধৰ্মনগৰ আৰক্ষীয়ে শেহতীয়াকৈ এটা অতি গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰাৰ বাতৰি পোৱা গৈছে। জানিব পৰা মতে, আজি পুৱা ধৰ্মনগৰৰ পূৰ্ব বজাৰ এলেকাত এখন হোণ্ডা চিটি গাড়ীৰ পৰা আৰক্ষীয়ে ১০০ কেজি গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

এটা গোপন সূত্ৰৰ পম খেদি ধৰ্মনগৰ আৰক্ষীয়ে উক্ত গাড়ীখনত এটা তালাচী চলায় আৰু গাড়ীখনৰ পিছৰ আসনৰ ভিতৰত নিখুঁতভাৱে চিলাই কৰি লুকুৱাই অনা ১০০ কেজি গাঞ্জা জব্ধ কৰে।

উল্লেখ্য যে এই তালাচী অভিযানটো মহকুমা আৰক্ষী বিষয়া জ্যোতিষ দাস আৰু ভাৰপ্ৰাপ্ত বিষয়া বেণুমাধৱ দেৰ নেতৃত্বত সম্পন্ন কৰা হয়।

জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৫লাখ টকা হ’ব। গাঞ্জা জব্দ হোৱা গাড়ীখনত চিকিৎসকলৰ প্ৰতীক যুক্ত হৈ থকাক লৈ এটা এটা ৰহস্যৰ সৃষ্টি হৈছে। গাড়ীখনৰ পঞ্জীয়ণ নম্বৰ হৈছে DL-4P-AB- 1059।

অৱশ্যে গাড়ীখনৰ দিল্লীৰ পঞ্জীয়ণ নম্বৰ ভুৱা বুলি সন্দেহ কৰা হৈছে। গাড়ীখনত চিকিৎসকৰ প্ৰতীক-চিহ্ন ব্যৱহাৰ কৰি আৰক্ষী প্ৰশাসনক বিপথে পৰিচালনা কৰাৰ বাবে ব্যৱহাৰ কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা বিভাগীয় তদন্ত আৰম্ভ কৰিছে।