য়ামিন হাজৰিকা বঁটাৰ বাবে নিৰ্বাচিত পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মন

d-570x320

বিখ্যাত পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মনক য়ামিন হাজৰিকা ৱ’মেন অব ছাবষ্টেন্স-২০১৮ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। হাড়গিলা চৰাইৰ সংৰক্ষণৰ বাবে তেওঁ গ্ৰহণ কৰা পদক্ষেপৰ বাবে তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

বহু বছৰ ধৰি পূৰ্ণিমা দেৱী বৰ্মনে দদৰা, পচৰিয়া, শিঙিমাৰী আদি গাঁৱত বিপদাপন্ন প্ৰজাতিৰ হাড়গিলা চৰাইৰ সংৰক্ষণৰ বাবে কাম কৰি আহিছে। তেওঁৰ প্ৰকৃতি সংৰক্ষণৰ এই আঁচনিয়ে সমগ্ৰ বিশ্বৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

এই বঁটাটো অসমৰ আইকনিক আৰক্ষী বিষয়া প্ৰয়াত য়ামিন হাজৰিকাৰ সোঁৱৰণত প্ৰদান কৰা হৈছে। সমাজৰ বৃহত্তৰ কল্যাণৰ হকে বিভিন্ন ক্ষেত্ৰত বিশেষ বৰঙণি যোগোৱা আৰু উঠি অহা ছোৱালীক অনুপ্ৰেৰণা যোগোৱা মহিলাক এই বঁটা প্ৰদান কৰা হয়।

এই বঁটাৰ চতুৰ্থ বৰ্ষৰ বঁটাটো অহা ১১ আগষ্টত বীৰকুছিৰ মাৰিয়া’জ পাব্লিক স্কুলৰ এটা অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব।

এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ‘ছচিয়েল মেডিয়াই সমাজক ঐক্যবদ্ধ কৰাৰ পৰিৱৰ্তে বিভাজিত কৰিছে নেকি?’ শীৰ্ষক এটা পেনেল ডিছকাশ্যন অনুষ্ঠিত কৰা হ’ব।

প্ৰয়াত য়ামিন হাজৰিকাৰ জন্ম হৈছিল গুৱাহাটীত। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে ছিৰাজুল হুছেইন হাজৰিকা আৰু শ্বামিম হাজৰিকা। তেওঁ আছিল ১৯৭৭ৰ চামৰ দিল্লী, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰক্ষী সেৱাৰ (ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ,  লাক্ষাদ্বীপ, দমন আৰু দিউ আৰু দাদৰা আৰু নগৰ হাভেলি আৰক্ষী সেৱা  এগৰাকী আৰক্ষী বিষয়া।

য়ামিন হাজৰিকাই নিৰ্মাণ আৰু মহিলা শিৰোমণি বঁটা লাভ কৰিছিল। দিল্লী আৰক্ষীৰ উপ আয়ুক্ত হিচাপে (মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ) কাৰ্যকালত অসামাণ্য সফলতাৰ অভিলেখৰ বাবে য়ামিন হাজৰিকা মানুহৰ মাজত অবিস্মৰণীয় হৈ আছে। ১৯৯৮ চনত তেওঁক  ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ সৈতে বছনিয়াত মোতায়েন কৰা হৈছিল। ইয়াতেই তেওঁ ৰক্ত কৰ্কটত আক্ৰান্ত হোৱাটো ধৰা পৰে। তাৰ পাছত তেওঁ ভাৰতলৈ উভতি আহে।

১৯৯৯ চনৰ ২৫ জুলাইত ৰক্ত কৰ্কটত আক্ৰান্ত হৈ ৪৩ বছৰ বয়সত য়ামিন হাজৰিকাৰ মৃত্যু হৈছিল।