১০ দিনৰ বাবে বহিঃৰাজ্যৰ পৰা মাছ অনা বন্ধ : ১০ দিনৰ পিছত ফ’ৰ্মেলিন থকা ধৰা পৰিলে মাছ ব্যৱসায়ী যাব লাগিব কাৰাগাৰলৈ

COVID-19: Assam to fine for not wearing mask in public place

মন্ত্ৰী পিযুষ হাজৰিকাৰ ফাইল ছবি।

প্ৰথমে ফল-মূলৰ গুদামত, তাৰ পাছত হোটেলত তালাচী চলোৱাৰ পাছতেই এইবাৰ চালানী মাছৰ গুণগত মানক লৈ তৎপৰ হৈ পৰিছে ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী পীযুষ হাজৰিকা। আজি জনতা ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি কাইলৈৰ পৰা ১০ দিন পৰ্য্যন্ত অসমলৈ বহিঃৰাজ্যৰ পৰা মাছ অনাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে মন্ত্ৰীগৰাকীয়ে।

যোৱা ২৯ জুনত গুৱাহাটীৰ বেতকুচিস্থিত পাইকাৰী মাছৰ বজাৰৰ পৰা খাদ্য সুৰক্ষা বিভাগৰ সহযোগত নমুনা সংগ্ৰহ কৰি সেইবোৰ গৱেষণাগাৰত পৰীক্ষা কৰাৰ পিছতে এই সিদ্ধান্ত লয় মন্ত্ৰীজনে।

জানিব পৰামতে, চালানী মাছৰ নমুনাখিনি পৰীক্ষাগাৰত পৰীক্ষা কৰাত ফ’ৰ্মেলিনৰ অৱস্থিতি ধৰা পৰে।

মন্ত্ৰীগাৰকীয়ে এই সন্দৰ্ভত কয় “খাদ্য সুৰক্ষা আইন ২০০৬-ৰ section 31 zzv-ৰ মতে ফ’ৰ্মেলিন কোনো খাদ্য দ্ৰব্যত ব্যৱহাৰ কৰিব নোৱাৰে।”

আনহাতে মন্ত্ৰীজনে অসমত লোকেল মাছ পৰ্য্যাপ্ত পৰিমাণত নাই বাবে এই নিষেধাজ্ঞা বেছি দিনলৈ বন্ধ কৰি দিব নোৱাৰি। অসমৰ মানুহক ভাল তথা ফ’ৰ্মেলিন ব্যৱহাৰ নকৰা মাছ খুওৱাটো দায়িত্বৰ ভিতৰুৱা বুলি কয়।

মন্ত্ৰীজনে কয় যে অহা ১০ দিনৰ পাছত মাছ ব্যৱসায়ী অথবা সংস্থাসমূহে প্ৰমাণ কৰিব লাগিব যে মাছবোৰত ফ’ৰ্মেলিন ব্যৱহাৰ কৰা নহয়। তেওঁ লগতে মাছ ব্যৱসায়ীসকলক সকীয়াই দি কয় যে যদি পুনৰবাৰ ফ’ৰ্মেলিন ব্যৱহাৰৰ কথা পোহৰলৈ আহে, তেন্তে ব্যৱসায়ীসকলক আইন অনুসৰি দুবছৰৰ পৰা ৭ বছৰ পৰ্য্যন্ত কাৰাগাৰত  ৰখা হ’ব।

তেনে ব্যৱসায়ীৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰি খাদ্য সুৰক্ষা আইন (২০০৬)ৰ অধীনত ৩৪(৪) আৰু ৫৯ ধাৰা অনুসৰি ১০ লাখ পৰ্য্যন্ত জৰিমনা বিহিব পৰা যাব বুলি তেওঁ সংবাদমেলত সদৰী কৰে।

ইয়াৰ উপৰি মন্ত্ৰীজনে সমগ্ৰ অসমৰ খাদ্য সুৰক্ষাৰ দায়িত্বত থকা বিষয়াসকলক কাইলৈৰ পৰা মাছৰ বজাৰসমূহত অভিযান চলাবৰ বাবে নিৰ্দেশ দিয়া হ’ব বুলি সংবাদমেলত জানিবলৈ দিয়ে। তেওঁ লগতে কয় “বজাৰত মাছ ব্যৱসায়ীসকলে কাইলৈৰ পৰা বজাৰত চালানী মাছ বিক্ৰী কৰিব নোৱাৰে।”

সংবাদমেলতে মন্ত্ৰীজনে এই ১০ দিনৰ ভিতৰত থলুৱা মাছৰ ব্যৱসায়ীসকলৰ প্ৰতি অনুৰোধ জনাই তেওঁ কয় যে দুষ্ট চক্ৰৰ কবলত পৰি যাতে তেওঁলোকে থলুৱা মাছৰ দাম বৃদ্ধি নকৰে।

নতুনকৈ মন্ত্ৰিত্ব গ্ৰহণ কৰা যুৱ নেতা পীযুষ হাজৰিকাৰ এই পদক্ষেপক সকলোৱে শলাগ লৈছে যদিও ৰাজ্যৰ মাছৰ চাহিদা আৰু চৰকাৰৰ এই পদক্ষেপৰ মাজত কেনেকৈ সামঞ্জস্য বৰ্তাই ৰাখে সেয়া সময়েহে ক’ব।