NORTHEAST NOW (Assamese)

১১ হেজাৰ কোটি টকাৰ বিত্তীয় ঘাটিৰে আৰম্ভ হৈছে ত্ৰিপুৰা চৰকাৰৰ কাম-কাজ

March 20, 2018 12:06 pm · এন ই নাও নিউজ
Updated: March 20, 2018 2:23 pm

প্ৰায় ১১,৩৫৫.৫৩ কোটি টকাৰ বিত্তীয় ঘাটিৰে নৱগঠিত ত্ৰিপুৰা চৰকাৰৰ কাম-কাজ আৰম্ভ হৈছে। –এই মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মাই।

যোৱা সোমবাৰে ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে বিগত ২৫ বছৰে ৰাজ্যখনৰ শাসনত থকা বাওঁপন্থী শাসনক তীব্ৰ সমালোচনা কৰি কয় যে- পূৰ্ববৰ্তী চৰকাৰখনে পুঁজিৰ আৱণ্টন অবিহনে কেতবোৰ আঁচনিৰ কাম আৰম্ভ কৰিছিল।যাৰ ফলত বিত্তীয় ঘাটিৰ পৰিমান দিনে দিনে বৃদ্ধি পাইছিল।

আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি দেৱবাৰ্মাই কয় যে বিগত পাঁচ বছৰে মাণিক চৰকাৰ নেতৃত্বাধীন বাওঁপন্থী চৰকাৰখনে লাভ কৰা কেন্দ্ৰীয় পুঁজিৰ সৰহভাগে ব্যৱহাৰ কৰিব নোৱাৰিলে।

কেন্দ্ৰই উক্ত সময়ছোৱাত ত্ৰিপুৰাৰ বাবে এক বৃহৎ পৰিমানৰ পুঁজি মুকলি কৰি দিয়া সত্ত্বেও ৰাজ্যখনত এতিয়াও  বেছিভাগ প্ৰকল্পই অসম্পূৰ্ণ হৈ আছে। মাণিক সৰকাৰ চৰকাৰখনে পুঁজি মুকলি কৰি নিদিয়াৰ বাবে ৰাজ্যখনত থমকি ৰৈছিল উন্নয়নমূলক কাম-কাজ।

সেয়েহে নতুন চৰকাৰখনে উত্তৰাধিকাৰ সূত্ৰে এই সমস্যা সমূহৰ সৈতে যঁজ দি আগবাঢ়িব লাগিব বুলি সতীৰ্থ সকলক সকীয়াই দিয়ে বৰ্ষীয়ান ৰাজনীতিক তথা উপ-মুখ্যমন্ত্ৰী দেৱবাৰ্মাই।

সোমবাৰে ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মাই প্ৰকাশ কৰা মন্তব্যই সম্প্ৰতি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

 

 

 

Related News