১৬ মাৰ্চত প্ৰধান মন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণ, কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ সম্ভাৱনা

Narendra-Modi

১৬ মাৰ্চত মণিপুৰলৈ আহিবলগীয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনত নিৰ্মাণ হ’বলগীয়া ১০০০ অংগনবাড়ি কেন্দ্ৰৰ বাবে আধাৰশিলা স্থাপন কৰিব।

মণিপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত ১৬ৰ পৰা ২০ মাৰ্চলৈকে অনুষ্ঠিত হ’বলগীয়া ‘ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ’ক উদ্বোধন কৰাৰ উদ্দেশ্যে তেওঁ ৰাজ্যখনলৈ ভ্ৰমণ কৰিব।

প্ৰাপ্ত তথ্য মতে, প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ পৰা পোৱা নিশ্চয়তাৰ পিছত বিৰেণ সিং চৰকাৰে প্ৰধান মন্ত্ৰীজনক আঁদৰাৰ বাবে লুৱাংছাংবাম ক্ৰিকেট খেল পথাৰত পূৰ্ণ প্ৰস্তুতি চলাই আছে।

ৰাজ্যখনৰ মুখ্য সচিব আৰ আৰ ৰশ্মিয়ে প্ৰধান মন্ত্ৰীৰ আগমনক লৈ চলি থকা প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে বুধবাৰে আবেলি পুৰনি সচিবালয় প্ৰেক্ষাগৃহত সকলো বিভাগৰ প্ৰশাসনিক সচিব সকলৰ সৈতে আলোচনাত মিলিত হয়।

জানিব পৰা অনুসৰি,মণিপুৰ চৰকাৰে প্ৰধান মন্ত্ৰীৰ হতোৱাই কেইবাটাও নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ পৰিকল্পনা কৰিছে।

উক্ত প্ৰকল্প সমূহৰ ভিতৰত তেওঁ, ১০০০ টা অংগনবাড়ী কেন্দ্ৰৰ লগতে ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰীয় ফুটবল একাডেমিৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে।

মুখ্য সচিবৰ সৈতে হোৱা বুধবাৰৰ উক্ত আলোচনাত ৰাজ্যখনৰ শীৰ্ষ নিৰাপত্তা বিষয়াসকলো উপস্থিত আছিল, তেওঁ প্ৰধান মন্ত্ৰী গৰাকীৰ ভ্ৰমণৰ উদ্দেশ্যে গঢ়ি তোলা নিৰাপত্তা ব্যৱস্থাৰ এক চমু আভাস দাঙি ধৰে।

ইয়াৰ উপৰি উক্ত আলোচনাটোত মণিপুৰ বিশ্ববিদ্যালয়ৰ বিষয়াও উপস্থিত আছিল।