• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৮ জানুৱাৰিৰ পৰা ঐতিহাসিক জোনবিল মেলা : ৰাজভাত্তা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব মুখ্য মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2018 4:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐতিহ্য আৰু পৰম্পৰাক ধৰি ৰাখি প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা জোনবিল মেলা এইবাৰ আৰম্ভ হ’ব অহা ১৮ জানুৱাৰিৰ পৰা। পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ প্ৰতীক স্বৰূপ এই মেলাখন পৰম্পৰাগতভাৱে চলি অহাৰ দৰে তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হ’ব। প্রথম দিনা গোভা দেওৰজা চাৰিভাই দেওশাল শিবমন্দিৰত মাংগলিক পৰ্বৰে এই জোনবিল মেলাখনৰ প্ৰথম দিনৰ কাৰ্য্যসূচীৰ শুভাৰম্ভণি হ’ব বুলি জানিব পৰা গৈছে। এই মাংগলিক কাৰ্য্যৰ পিছতে পতাকা উত্তোলনকে ধৰি অন্যান্য বহুতো কাৰ্য্যসূচী অনুষ্ঠিত হ’ব। দুপৰীয়া ১২:০০ বজাত পাহাৰৰ জনজাতীয় লোকসকলৰ আগমন ঘটিব জোনবিল পথাৰলৈ। এই কথা উদ্যোক্তা কমিটীয়ে জানিবলৈ দিয়ে।

দিনৰ ১:৩০ বজাত গোভাৰজাৰ সৈতে সকলোৰে এক প্ৰীতিভোজ আয়োজন কৰা হৈছে য’ত বৰ্তমানৰ গোভা ৰজা দীপসিং দেওৰজা আৰু পাটনিয়া ৰজা ভদ্ৰসিং দেওৰজা  উপস্থিত থাকিব। তাৰ পিছতে গোভাৰজাৰ সৈতে পাহাৰৰ মামা-মামীৰ (মেলালৈ অহা পাহাৰী জনজাতীয় লোকসকল) এক কথোপকথন অনুষ্ঠিত হ’ব।

আনহাতে ১৯ জানুৱাৰি, অৰ্থাৎ দ্বিতীয় দিনাৰ পুৱাই পাহাৰৰ পৰা অহা তিৱা, কাৰ্বি, জয়ন্তীয়া, খাচি, গাৰো জনগোষ্ঠীৰ লোকসলে ভৈয়ামৰ তিৱাসকলৰ সৈতে পৰম্পৰাগত বিনিময় প্ৰথাৰ আৰম্ভণি কৰিব।উল্লেখযোগ্য যে মেলাখনৰ মাজেৰে জীয়াই থকা তাহানিৰ সমাজত চলা দ্ৰব্য বিনিময় প্ৰথা এতিয়াও বহুতৰ বাবে কৌতূহলৰ উৎস হৈ আহিছে।

এই কাৰ্য্যসূচীৰ উদ্বোধন কৰিব মৰিগাওঁ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। পৰম্পৰা অনুসৰি পাহাৰীয়া লোকসকলে পাহাৰত উৎপাদিত আলু, কচু, হালধি, বাঁহগাজ, জলকীয়া, ঠেকেৰা ইত্যাদি সামগ্ৰীৰ সৈতে ভৈয়ামত উৎপাদিত সান্দহ, পিঠা, মাছ, শুকান মাছ আদিৰ সাল-সলনি কৰে।

বিনিময় প্ৰথাৰ কাৰ্য্যসূচীৰ পিছতে পুৱা ৯:০০ বজাৰ পৰা সমূহীয়াভাবে জোনবিলত মাছ মৰা কাৰ্য্যসূচীৰ আৰম্ভ হ’ব।

ইয়াৰ পিছতে সেই মাছেৰে ৰজাৰ সৈতে সকলোৱে মিলি বিলৰ পাৰতে ভোজভাত খাব। সূত্ৰটোৱে কোৱা মতে ইয়াৰ পিছদিনা সকলো ৰাইজৰ বাবে এই বিলখন মাছ মৰাৰ বাবে মুকলি কৰি দিয়া হ’ব, যিটো এটা পৰম্পৰা।

সেইদিনাই দিনৰ ১১:০০ বজাৰ পৰা গোভা ৰজাৰ সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণি হ’ব। এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিব জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ূষ হাজৰিকাই।

২০ জানুৱাৰি অৰ্থাৎ জোনবিল মেলাৰ শেষৰ দিনা তিৱা ৰজাসকলক ৰাজভাত্তা প্ৰদান অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, জাগীৰোডৰ বিধায়ক পীয়ূষ হাজৰিকা, মৰিগাওঁ জিলাৰ উপায়ুক্ত হেমেন দাস, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৱন মান্তা আৰু মৰিগাওঁ জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল কাকতী উপস্থিত থাকিব।

নিশা ১১:০০ বজাত গোভাৰজাৰ বাসভৱনত অন্তিম দৰবাৰ কাৰ্য্যসূচীৰ পিছতে এই মেলাৰ সামৰণি পৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd