১৮ মে’ত ঘোষিত হ’ব নাগালেণ্ডৰ ব’ৰ্ডৰ পৰীক্ষাৰ চৰ্তসাপেক্ষ ফলাফল

Nagaland-HSLC-HSSLC-Results-2016_BB-570x320

নাগালেণ্ড বিদ্যালয় শিক্ষা ব’ৰ্ডৰ (Nagaland Board of School Education) দ্বাৰা অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা-২০১৮ৰ চৰ্তসাপেক্ষ ফলাফল সমূহ মে’ৰ ১৮ তাৰিখে ঘোষণা কৰিব। ফলাফলসমূহ ইণ্টাৰনেটত উপলব্ধ হোৱাৰ লগতে নাগালেণ্ড বিদ্যালয় শিক্ষা ব’ৰ্ডৰ দ্বাৰা জাননী কৰা নম্বৰত এছএমএছ কৰি ফলাফল জানিব পৰা হ’ব।

ব’ৰ্ডৰ দ্বাৰা পঞ্জীয়নকৃত সকলো প্ৰতিষ্ঠানতেই চৰ্তসাপেক্ষ ফলাফল সূচনাপত্ৰ জাৰী কৰা হ’ব।

নাগালেণ্ড বিদ্যালয় শিক্ষা ব’ৰ্ডৰ কাৰ্যালয়ৰ জাননী ফলকতো এই ফলাফলসমূহ উপলব্ধ হ’ব।

১৮ মে’ৰ আবেলিৰ পৰা ২১ মে’লৈকে মাৰ্কশ্বিট আৰু অন্যন্য নথিসমূহ সগ্ৰ কৰাৰ বাবে ব’ৰ্ডে পঞ্জীয়নকৃত সকলো প্ৰতিষ্ঠানলৈ জাননী প্ৰেৰণ কৰিছে।

সোমবাৰে জাৰী কৰা জাননীখনত কোৱা হৈছে যে যদিহে প্ৰতিষ্ঠানৰ মুৰব্বীগৰাকী অহাত অসুবিধা হয়, তেন্তে তেওঁৰ দ্বাৰা যথোচিতভাৱে কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিক প্ৰেৰণ কৰি নথিসমূহ সংগ্ৰহ কৰাৰ বাবে প্ৰেৰণ কৰিব পাৰে।

ফলাফল উপলব্ধ হ’বলগীয়া ৱেবছাইটকএইটা হৈছে: www.nbsenagaland.com, www.indiaresults.com, www.examresults.net, www.schools9.com, www.exametc.com and www.knowyourresuIt.com.

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ  (দশম মানৰ)-২০১৮ ফলাফলসমূহ  NB10<space>ROLL NUMBER,  54242 নম্বৰলৈ এছএমএছ কৰি  আৰু উচ্চতম মাধ্যমিকৰ (দ্বাদশ মান)-২০১৮ ফলাফলসমূহ  NB12<space>ROLL NUMBER 54242 নম্বৰলৈ এছএমএছ কৰি, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (দশম মানৰ)-২০১৮ ফলাফলসমূহ  RESULT<space>NAG10<space> ROLL NUMBER 58888, নম্বৰলৈ এছএমএছ কৰিআৰু উচ্চতম মাধ্যমিকৰ (দ্বাদশ মান)২০১৮ ফলাফলসমূহ RESULT<space>NAG12<space> ROLL NUMBER 58888 নম্বৰলৈ এছএমএছ কৰি জানিব পাৰিব।