NORTHEAST NOW (Assamese)

১৯ এপ্ৰিলৰ পৰা মঙলদৈ মহাবিদ্যালয়ত আন্তঃমহাবিদ্যালয় বাস্কেটবল প্ৰতিযোগিতা

April 16, 2018 8:20 pm · ময়ূখ গোস্বামী
প্ৰতিনিধিত্বমূলক ছবি

পোন প্ৰথমবাৰৰ বাবে আন্তঃমহাবিদ্যালয় পৰ্যায়ৰ কোনো প্ৰতিযোগিতা আয়োজনৰ সুবিধা লাভ কৰিছে দৰং জিলাৰ মঙলদৈ মহাবিদ্যালয়ে। মহাবিদ্যালয়খনে ১৯ এপ্ৰিলৰ পৰা ২১ এপ্ৰিললৈ তিনিদিনীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আন্তঃমহাবিদ্যালয় বাস্কেটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিব।

এই প্ৰতিযোগিতাখনক লৈ ইতিমধ্যে মহাবিদ্যালয় কৰ্তৃপক্ষই সকলো ধৰণৰ প্ৰস্তুতি সম্পন্ন কৰা পৰিলক্ষিত হৈছে। মহাবিদ্যালয়খনত সকলো ধৰণৰ সা-সুবিধা সম্পন্ন এখন অত্যাধুনিক বাস্কেটবলৰ ক’ৰ্টো সাজি উলিওৱা পৰিলক্ষিত হৈছে।

ইফালে প্ৰতিযোগিতা সম্পৰ্কে সকলো ধৰণৰ নীতি-নিয়ম মহাবিদ্যালয়খনৰ ৱেবছাইট www.mangaldaicollege.org ত উপলব্ধ কৰা বুলিও জানিবলৈ দিয়ে আয়োজক কৰ্তৃপক্ষই। তাৰোপৰি আয়োজক সমিতিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয় সমূহক এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

প্ৰতিযোগিতাখন সম্পৰ্কত আয়োজক সমিতিৰ সভাপতি তথা মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কে কে নাথে নৰ্থ-ইষ্ট নাওক জানিবলৈ দি নিজৰ মত ব্যক্ত কৰি কয় যে প্ৰথমবাৰৰ বাবে আয়োজন কৰা প্ৰতিযোগিতাখনত প্ৰায় ১০খনতকৈও অধিক মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে গুৱাহাটী মহাবিদ্যালয়ৰ উপাচাৰ্য প্ৰফ. মৃদুল হাজৰিকাই ১৯ এপ্ৰিলৰ ৰাতিপুৱা ১০ বজাত আন্তঃমহাবিদ্যালয় বাস্কেটবল প্ৰতিযোগিতাখন উদ্বোধন কৰিব। উদ্বোধনী অনুষ্ঠানত প্ৰফ. এইচ পি শৰ্মাৰ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকিব বুলি সদৰী কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নাথে।

Related News