NORTHEAST NOW (Assamese)

২০২২ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে মেঘালয়ে আৰম্ভ কৰিলে পাৰম্ভিক প্ৰস্তুতি

July 2, 2018 11:23 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

মেঘালয়ত ২০২২ চনত অনুষ্ঠিত হ’ব লগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰা হৈছে। এই উদ্দেশ্যে গেমছ ভিলেজ নিৰ্মাণৰ বাবে ৩০০ একৰ মাটি নিৰ্বাচন কৰা হৈছে।

মাউডিয়াঙৰ সমীপত ঠিক কৰা উক্ত ঠাইখিনিক গেমছ ভিলেজৰ বাবে তৈয়াৰ কৰিবলৈ মেঘালয় চৰকাৰে পাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে।

এই সন্দৰ্ভত ক্ৰীড়া মন্ত্ৰী বেনটেইডৰ লিংডোই কয়, ‘সেই স্থানত এটা ষ্টেডিয়াম, এটা ছুইমিং পুল, চাইক্লিং ভেলড্ৰ’ম আৰু অন্যান্য আন্তঃগাঁথনি নিৰ্মাণ কৰা হ’ব।‘

উল্লেখযোগ্য যে ৩৬টা ভিন্ন বিভাগত হ’ব লগীয়া ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ খেলসমূহ পূব খাছি পাহাৰ, ৰিভয়, আমপটি আৰু গাৰো পাহাৰৰ তুৰাত অনুষ্ঠিত হ’ব।

আনহাতে ৰাষ্টীয় ক্ৰীড়া আয়োজনৰ বাবে প্ৰয়োজন হোৱা পুজি যোগানৰ বাবে কেন্দ্ৰৰ সৈতে ৰাজ্য চৰকাৰৰ আলোচনা চলি আছে বুলি জানিবলৈ দি বিভাগীয় এক সূত্ৰৰ পৰা কোৱা হয় যে কেন্দ্ৰই এই ক্ষেত্ৰত ইতিমধ্যে ক্ৰীড়া বিভাগক ৩০০ কোটি টকা অনুমোদন কৰিছে।

Related News