NORTHEAST NOW (Assamese)

২৩ৰ পৰা ৩০ এপ্ৰিললৈ অসমত পালন কৰা হ’ব পথ সুৰক্ষা সপ্তাহ

April 19, 2018 9:30 am · এনই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

বিগত বৰ্ষ সমূহৰ দৰে দেশৰ আন কেইবাখনো ঠাইৰ লগতে অসমতো অহা ২৩ৰ পৰা ৩০ এপ্ৰিললৈ ২৯ সংখ্যক পথ সুৰক্ষা সপ্তাহ পালন কৰা হ’ব।

এইবাৰৰ পথ সুৰক্ষা সপ্তাহৰ মূল বাণী হৈছে ‘পথ সুৰক্ষা-জীৱন ৰক্ষা’।

মন কৰিবলগীয়া যে পথ দুৰ্ঘটনাৰ ফলত প্ৰত্যেক বছৰে দেশত প্ৰায় ১.৫ লাখ লোকে প্ৰাণ হেৰুৱাব লগা হয়।

সেয়ে পথ সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বসাধাৰণ লোকক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যে প্ৰত্যেক বছৰে পথ সুৰক্ষা সপ্তাৰ অনুষ্ঠিত কৰি অহা হৈছে।

এটা বিভাগীয় প্ৰেছ বিজ্ঞপ্তিত জনোৱা মতে উক্ত সপ্তাহযোৰা কাৰ্যসূচীৰ লগত আৰক্ষী, স্বাস্থ্য, শিক্ষা, গড়কাপ্তানি, পৰিবহন নিগম, জিলা কৰ্তৃপক্ষকে ধৰি বিভিন্ন স্বেচ্ছাসেৱী সংগঠন জড়িত থাকিব।

উল্লেখযোগ্য যে ভাৰতৰ কেইবাখনো ৰাজ্য তথা চহৰত যোৱা ১১ৰ পৰা ১৭ জানুৱাৰিলৈকে ইতিমধ্যে পথ সুৰক্ষা সপ্তাহ অনুষ্ঠিত হৈ গৈছে।

 

Related News