২৬ মে’ত বিজনীত আমছুৰ চহিদ দিৱস

aamsu assam

আমছুৱে বিজনীত এইবাৰ চহিদ দিৱস আয়োজন কৰিব। বিজনীৰ ড° বি আৰ আম্বেদকাৰ প্ৰেক্ষাগৃহত বিজনী জিলা আমছু ( AAMSU )ৰ সভাপতি আবুল কালাম আজাদৰ সভাপতিত্বত আজি ৬ মে’ত অনুষ্ঠিত এখন সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

চহিদ দিৱস অনুষ্ঠিত কৰাৰ বাবে আজিৰ সভাতে নুৰ মহম্মদ সৰকাৰক সভাপতি, দিনুল আালম আাহমেদক কাৰ্যকৰী সভাপতি আাৰু আাবুল কালাম আাজাদক সম্পাদক হিচাপে লৈ ৩১জনীয়া এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়।

দিৱস সুকলমে পৰিচালনা কৰা বাবে বিজনীবাসী ৰাইজ তথা অসমবাসী ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে আমছুৱে। সভাত আমছুৰ মুখ্য সাংগঠনিক সম্পাদক ইকবাল হুছেইনকে ধৰি বহুকেইজন প্ৰাক্তন আামছু কৰ্মী আাৰু বৰ্তমানৰ জিলা ও আঞ্চলিক আমছুৰ ভালেসংখ্যক প্ৰতিনিধি উপস্থিত থাকে।

উল্লেখযোগ্য যে ১৯৮০ চনৰ ২৬ মে’ত আমছুৱে সমগ্ৰ অসমৰ লগতে বিজনীতো দাবী দিৱস লৈ বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক কৰি অহা হাৰাশাস্তি বন্ধ কৰা তথা অবৈধ বিদেশীক বিতাড়ণ কৰাৰ দাবীত বিজনী চহৰৰ দেওকুৰা পাৰত কৰা আন্দোলনত আন্দোলনকাৰীক ছত্ৰভংগ দিয়াবৰ বাবে পুলিচে কৰা নিৰ্বিচাৰ গুলীচালনাত ১১ জন আন্দোলনকাৰীৰ থিতাতে মৃত্যু হৈছিল। তেতিয়াৰে পৰা আমছুয়ে এই দিনটো চহিদ দিৱস পালন কৰি আহিছে।

আজিৰ সভাত অংশগ্ৰহণ কৰি বিজনী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা সেই সময়ত আন্দোলনত অংশগ্ৰহণ কৰা ধীৰেশ বৰ্মনে কয় যে অসমখন আজিও সেই ৮০ দশকৰ দৰেই আছে। আজিও বিদেশী সমস্যাৰ সমাধান নহ’ল।

আজিও চহিদ পৰিয়ালে ন্যায় নাপালে বুলি আক্ষেপ কৰি আমছুৰ প্ৰতিষ্ঠাপক কৰ্মী তথা সেইসময়ত বিজনীত এই আন্দোলনৰ গুৰিধৰোঁতা নুৰমহম্মদ সৰকাৰে কয় যে ৮০ৰ আন্দোলনত আহত্সকলৰ অসম চৰকাৰে চিকিৎসাৰ ব্যৱস্থা কৰা নাছিল আৰু প্ৰতিবাদকাৰীক বিজনী দুতুৰীৰ পৰা ৰে’লেৰে পশ্চিম বংগৰ কোচবিহাৰ, শিলিগুৰি আদিলৈ নি চিকিৎসা কৰিব লগা হৈছিল।

অসমখন অস্থিৰ কৰাৰ উদ্দেশ্যে এচাম দুষ্ট চক্ৰই ৰাজ্যত আইছিছৰ পতাকা উৰুৱাই থকা বুলি ঘটনাটোক আমছুয়ে ধিক্কাৰ দিয়াৰ লগতে অনতি পলমে দোষীক গ্ৰেপ্তাৰ কৰিবৰ বাবে চৰকাৰক দাবী জনায়।