৩০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ ‘প্ৰতিভা বিকাশ সমাৰোহ’ত

দ্বিতীয় সংখ্যক ‘প্ৰতিভা বিকাশ সমাৰোহ’ টংলাৰ চাটগাৰি এম ভি স্কুলত বুধবাৰে দিনযোৰা কাৰ্যসূচীৰে অন্ত পৰে। স্থানীয় মাধ্যমৰ চৰকাৰী বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ অন্তৰ্নিহিত প্ৰতিভা বিকাশৰ বাবে যোৱাবছৰৰ পৰা এই সমাৰোহৰ আয়োজন কৰিছে। ‘প্ৰতিভা বিকাশ সমাৰোহ’ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গীত, নৃত্য আৰু নিজৰ দক্ষতা প্ৰদৰ্শনৰ এক সুন্দৰ মঞ্চ। বিগত বছৰৰ দৰে এইবাৰো ৩০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন শিতানত যেণে গীত, নৃত্য, চিত্ৰাংকণ আদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ নিজৰ প্ৰতিভা ব্যক্ত কৰিছে। এই সমাৰোহত টংলাৰ মুঠ ১৬খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। কামেশ্বৰ বড়োয়ে পতাকা উত্তোলন কৰি সমাৰোহৰ শুভাৰম্বণি কৰে। পতাকা উত্তোলনৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাতে বিভিন্ন বাদ্য-যন্ত্ৰৰ সহায়ত পৰাম্পৰাগত গীত মাতেৰে উপস্থিত দৰ্শকক আপ্লুত কৰি তোলে।