৩০ এপ্ৰিলৰ ভিতৰত ৰাজ্যৰ ভগ্ন মথাউৰিৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

মুখ্য মন্ত্ৰী

জলসম্পদ বিভাগৰ প্ৰতিগৰাকী কাৰ্যবাহী অভিযন্তাই দিনে-নিশাই কৰ্ম সম্পাদন কৰি আগন্তুক ৩০ এপ্ৰিলৰ ভিতৰত ৰাজ্যখনৰ ভগ্ন মথাউৰি সমূহৰ মেৰামতিকৰণৰ কাম সম্পূৰ্ণ কৰিব লাগিব যাতে আগন্তুক বাৰিষাৰ পূৰ্বে এই মথাউৰি সমূহ শক্তিশালীকৰণেৰে বান প্ৰতিৰোধ কৰিব পৰা যায়। আজি জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত জলসম্পদ বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জলসম্পদ বিভাগৰ প্ৰতিগৰাকী কাৰ্যবাহী অভিযন্তাক এই নিৰ্দেশ প্ৰদান কৰে।

আজিৰ বৈঠকতে এছ ডি আৰ এফৰ অধীনত যি সমূহ মথাউৰিৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে সেই মথাউৰি সমূহৰ বাবে অনাদায় হৈ থকা পুঁজিৰ ডিমাণ্ড ক্ষীপ্ৰভাৱে ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ওচৰত সংশ্লিষ্ট উপায়ুক্ত সকলক দাখিল কৰাৰ ব্যৱস্থা ল’বলৈ মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। যাতে আগন্তুক ১০ দিনৰ ভিতৰত কাম সম্পূৰ্ণ কৰা ঠিকাদাৰ সমূহলৈ এই পুঁজি প্ৰদান কৰিব পৰা যায়।

বৈঠকত জনসম্পদ মন্ত্ৰী কেশৱ মহন্ত, মুখ্য সচিব ভি কে পিপাৰচেনীয়া, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, ৰাজহ বিভাগৰ আয়ুক্ত সচিব ৰাজেশ প্ৰসাদ, জলসম্পদ বিভাগৰ সচিবৰ লগতে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।