থাডৌ ছাত্ৰ সংগঠনে জনোৱা ৩৬ ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

থাডৌ ছাত্ৰ সংগঠনে আহ্বান জনোৱা ৩৬ ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰা বুলি সোমবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সংগঠনটোৱে জানিবলৈ দিয়ে। সোমবাৰে সন্ধিয়া চৰকাৰী পক্ষৰ লগত আলোচনা কৰাৰ পিছত সংগঠনটোৱে আন্দোলন প্ৰত্যাহাৰ কৰে। উল্লেখযোগ্য যে ছাত্ৰ সংগঠনটোৱে জানুৱাৰি ১৬ তাৰিখৰ ৰাতিপুৱা ৬ বজাৰ পৰা জানুৱাৰি ১৭ তাৰিখৰ সন্ধিয়া ৬ বজালৈ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল।

যোৱা ২০১৬-২০১৭ বৰ্ষত মণিপুৰত ব্যাপক হাৰত বৃদ্ধিপোৱা হিংসাজনিত গোচৰৰ নিষ্পত্তি তথা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থাডৌ কুকি(এম আই এল)বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্তি কৰাৰ দাবীত সংগঠনটোৱে ৩৬ ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে আন্দোলনৰ ঘোষণা কৰিছিল বুলি বিজ্ঞপ্তিখনৰ জৰিয়তে প্ৰকাশ কৰে।

ইয়াৰ উপৰি সোমবাৰে হোৱা আলোচনাত ৰাজ্য চৰকাৰে তিনিদিনৰ ভিতৰত এডিজিপি প্ৰমোদ আস্থানাৰ নেতৃত্বত এখন তদন্ত সমিতি গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আৰু তিনিমাহৰ ভিতৰত ২০১৭চনৰ ৫মেত সংঘটিত চুগনু হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল কৰিব বুলি আশ্বাস প্ৰদান কৰে।

বৈঠকত উপস্থিত থকা ছাত্ৰ সংগঠনটোৰ নেতা সকলে চৰকাৰে লোৱা সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে তিনিমাহৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰি দোষীক শাস্তি প্ৰদান কৰাৰ লগতে ভুক্তভোগী পৰিয়ালবৰ্গলৈ তাৎক্ষণিক ভাবে ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ লগতে পৰিয়ালৰ কোনো সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰাৰো দাবী জনায়।

ইয়াৰ বিপৰীতে থাডৌ কুকি(এম আই এল)বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ সন্দৰ্ভতো চৰকাৰী পক্ষই অহা বছৰৰ শিক্ষাবৰ্ষ প্ৰৱৰ্তন হোৱাৰ পূৰ্বে অস্থায়ী ৰূপত এম আই এল তথা অন্যান্য উপজাতীয় ভাষাত শিক্ষকৰ নিযুক্তি প্ৰদান কৰাৰ লগতে ২০১৮-২০১৯শিক্ষাবৰ্ষত উক্ত বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব বুলি সংগঠনটোক আশ্বাস প্ৰদান কৰে।

উল্লেখযোগ্য যে ইম্ফল-মোৰি, ইম্ফল-ডিমাপুৰ, ইম্ফল-জিৰিবাম আৰু ইম্ফল-চুৰাচন্দপুৰত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত লৈছিল বুলি বিজ্ঞপ্তিত প্ৰকাশ পাইছে।

আনহাতে যদিহে সোমবাৰে কৰা প্ৰতিশ্ৰুতি সমূহ কাৰ্যকৰী নহয় তেন্তে সময়ত পুনৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে থাডৌ ছাত্ৰ সংগঠনটোৱে।