৩.৫ লাখৰো অধিক চাকৰি বিচৰা আবেদনকাৰীৰ নাম পঞ্জীয়ন মণিপুৰ নিয়োগ কেন্দ্ৰত

employment-exchange-0

মণিপুৰত যোৱা ২০১৭ চনৰ এপ্ৰিল মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত ৰাজ্যখনত ১০,৬৬৪ গৰাকী চাকৰি বিচৰা লোকে নিজৰ নাম পঞ্জীয়নভুক্ত কৰে। বুধবাৰে ইম্ফলত আয়োজিত এখন সংবাদ মেলযোগে এই কথা জনায় মণিপুৰ নিয়োগ কেন্দ্ৰ সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক বিজয় সিঙে।

ৰাজ্যখনত ২০১৭ চনৰ ৩১ ডিচেম্বৰলৈকে মুঠ ৩,৫৮,১২৩ গৰাকী লোকে নাম পঞ্জীয়ন কৰিছে আৰু ইয়াৰে ২,৪৬,০৫৬ গৰাকী হৈছে পুৰুষ।

উল্লেখ্য যে মণিপুৰত ১৭ টা নিয়োগ কেন্দ্ৰ আছে। আৰু ইয়াৰে চাৰিটা কেন্দ্ৰ বৰ্তমান কাৰিকৰীভাবে উন্নত হোৱা বুলিও জনায় বিজয় সিঙে।

কেন্দ্ৰকেইটা হৈছে পূব ইম্ফল আৰু পশ্চিম ইম্ফলৰ নিয়োগ কেন্দ্ৰ, য়ুনিভাৰ্ছিটি এম্প্লয়মেণ্ট ইনফ’ৰমেশ্যন এণ্ড গায়ডেন্স ব্যুৰ’, মণিপুৰ য়ুনিভাৰ্চিটি, কানচিপুৰ আৰু থাউবেল জিলা নিয়োগ কেন্দ্ৰ।

ইয়াৰ উপৰি উক্ত নিয়োগ কেন্দ্ৰ চাৰিটাত অনলাইন পদ্ধতিৰে নাম পঞ্জীয়ন আৰু নবীকৰণ প্ৰক্ৰিয়াৰো সুবিধা প্ৰদান কৰা হৈছে।

আনহাতে ৪,৭৩,০৩৭ গৰাকী পঞ্জীয়নভুক্ত লোকৰ নাম নবীকৰণ নকৰা আৰু বয়স উকলি যোৱা হেতুকে নাম সমূহ কৰ্তন কৰা বুলি জনায়। ইয়াৰে ৩,৩৫,৭৬৪ গৰাকী পুৰুষৰ নাম কৰ্তন কৰা হয়।