৪০ বছৰ পূৰ্বে নিৰুদ্দেশ হোৱা মণিপুৰৰ খমদ্ৰাম গম্ভীৰৰ সম্ভেদ ওলাল মুম্বাইত

manipur-7591-570x320

মণিপুৰৰ ইম্ফলৰ পৰা ৪০ বছৰ আগতেই নিৰুদ্দেশ হোৱা খমদ্ৰাম গম্ভীৰ নামৰ লোকজনক ৰবিবাৰে  মুম্বাই ৰাজপথত মুম্বাই আৰক্ষীয়ে উদ্ধাৰ কৰে। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি দীৰ্ঘদিনে নিৰুদ্দেশ হৈ থকা গম্ভীৰে অহা সপ্তাহত নিজ গৃহলৈ উভটি আহিব।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, সাত বছৰ মণিপুৰ ৰাইফলছত চাকৰি কৰা গম্ভীৰে ১৯৭৮ চনত পৰিয়ালৰ লোকক কোনো খবৰ নিদিয়াকৈয়ে ঘৰ এৰি পলায়ন কৰে। গম্ভীৰৰ কনিষ্ঠ ভাতৃ খমৰাম কুলাচন্দ্ৰই জনোৱা অনুসৰি বিবাহ পাশত আৱদ্ধ হোৱাৰ প্ৰায় পাঁচ মাহৰ পাছতেই ভাতৃ গম্ভীৰে ঘৰ এৰি নিৰুদ্দেশ হয়।

এই ঘটনাৰ প্ৰায় এবছৰৰ পাছত গম্ভীৰে মিজোৰামত বাহৰ পতা বুলি পৰিয়ালৰ লোকে গম পাইছিল আৰু তেওঁক বিচাৰি যাওতে পুনৰ সেই ঠাই এৰি অন্য ঠাইলৈ গমন কৰে।

উল্লেখ্য যে কি কাৰণত গম্ভীৰে ঘৰ এৰি নিৰুদ্দেশ হৈছিল সেই কথা পৰিয়ালৰ লোক জ্ঞাত নহয় বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ভাতৃয়ে। পৰিয়ালটোৱে গম্ভীৰৰ সন্ধান উলিয়াবলৈ বহু চেষ্টা কৰিলে যদিও কোনো সুফল নোপোৱাত অৱশেষত তেওঁক ঘূৰাই পোৱাৰ আশা ত্যাগ কৰে।

কিন্তু শণিবাৰে সম্ভেদ পালে খমদ্ৰাম গম্ভীৰৰ। ৰোমেন লেইছমবাম নামৰ এজন ওচৰৰে ব্যক্তিয়ে পৰিয়ালৰ লোকক গম্ভীৰ মুম্বাইত থকা বুলি নিশ্চিয়তা প্ৰদান কৰে। লেইছমবামে গম্ভীৰৰ এটা ভিডিঅ’ দেখুৱায় পৰিয়ালৰ লোকক আশ্বস্ত কৰা দেখা যায়।

এই সম্পৰ্কত গম্ভীৰৰ ভাতৃ কুলাচন্দ্ৰই কয়- ‘যেতিয়া লেইছমবামে মোৰ ভাতৃৰ এটা ভিডিঅ’ৰ সৈতে মোৰ কাষত আহিছিল তেতিয়া মই বিশ্বাস কৰিব পৰা নাছিলো। ভিডিঅ’টো চোৱাৰ পাছত মই বহুত কান্দিছিলো। সি জীয়াই থকা বুলি গম পায়েই মই বহুত সুখী হৈছিলো’।

ইফালে এই সন্দৰ্ভত পৰিয়ালৰ লোকে মুম্বাই আৰক্ষীৰ সৈতে যোগাযোগ স্থাপন কৰাৰ উপৰি পাটছয় আৰক্ষী থানাত সকলো তথ্য বিবৰি এক গোচৰো ৰুজু কৰে। মণিপুৰৰ দুজন আৰক্ষীয়ে ৪০ বছৰ আগতে নিৰুদ্দেশ হোৱা গম্ভীৰক নিজ গৃহলৈ অহা সপ্তাহত ওভটায় আনিব বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

উল্লেখ্য যে ৪০ বছৰ আগতেই নিৰুদ্দেশ হোৱা খমদ্ৰাম গম্ভীৰ নামৰ লোকজনক সফলতাৰে উদ্ধাৰ কৰা কাৰ্যক ৰাজনৈতিক কৰ্মী এঞ্জেলিকা এৰিবামে মুম্বাই আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে। দেওবাৰে এৰিবামে ছ’চিয়েল নেটৱৰ্কিং ছাইট টুইটাৰ যোগে মুম্ভাই আৰক্ষীক ধন্যবাদ জনোৱাৰ লগতে এই ক্ষেত্ৰত সহায় আগবঢ়োৱা সকলো লোককে ধন্যবাদ জ্ঞাপন কৰে।