৪ শ ৭১ কোটি টকা ব্যয়েৰে অসম চৰকাৰে গুৱাহাটীত নিৰ্মাণ কৰিব সংহত সঞ্চালকালয় চৌহদ

assam cm

মুখ্য মন্ত্ৰীৰ বৈঠক

অসম চৰকাৰে গুৱাহাটীত নিৰ্মাণ কৰিব সংহত সঞ্চালকালয় চৌহদ। মঙলবাৰে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত তেওঁৰ সভা কক্ষত আয়োজিত ৰাজ্যৰ সাধাৰণ প্ৰশাসন আৰু সচিবালয় প্ৰশাসনৰ পৰ্য্যালোচনা বৈঠকত এই কথা সদৰী কৰে সাধাৰণ প্ৰশাসন বিভাগে।

এই সন্দৰ্ভত এন ই নাওলৈ মুখ্য মন্ত্ৰীৰ জনসম্পৰ্কৰক্ষী কোষে প্ৰেৰণ কৰা এক বিবৃতিত কোৱা হৈছে ‘৪৭১ কোটি টকা’ ব্যয়েৰে প্ৰায় ৩২ বিঘা মাটি সামৰি বেতকুছিত নিৰ্মাণ হ’ব লগা এই চৌহদত থাকিব দুটা ২০ মহলীয়া যুৰীয়া ভৱন।

ৰাজ্যৰ মুঠ ৭২ টা সঞ্চালকালয়ৰ বাবে এই চৌহদত থাকিব সুকীয়া সুকীয়া কাৰ্য্যালয়। তাৰোপৰি প্ৰেক্ষাগৃ্হ, পুথিভঁৰাল আদিৰ অত্যাধুনিক আন্তঃ গাঁথনিৰে এই চৌহদটো সমৃদ্ধ হ’ব বুলি বিবৃতিটোত কোৱা হৈছে।

‘চলিত বছৰৰ মে’ মাহৰ পৰা আৰম্ভ হ’ব লগা’ এই চৌহদৰ নিৰ্মাণ ‘তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ’ কৰা হ’ব।

নতুন দিল্লীৰ অসম ভৱনৰ নৱ নিৰ্মিত ভৱনটো অহা ১৫ এপ্ৰিলত মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলিও সাধাৰণ প্ৰশাসন বিভাগে মুখ্য মন্ত্ৰীক বৈঠকখনতে অৱগত কৰে।

আনহাতে সাধাৰণ প্ৰশাসন বিভাগে মুখ্য মন্ত্ৰীক জনাই যে ২৭ মাৰ্চৰ পৰা অসমত আধাৰ কাৰ্ডৰ কাম ব্যাপকভাৱে হাতত লোৱা হ’ব ।

বৈঠকখনত জনতা ভৱন চৌহদত মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ এক সুকীয়া ভৱন নিৰ্মাণৰ বিষয়েও খৰচি মাৰি আলোচনা কৰা হয়।

মুখ্য মন্ত্ৰীয়ে ৰাজ্যিক অভিলেখাগাৰটো আৰু আৱৰ্ত ভৱনসমূহ উন্নত কৰাৰ বাবেও সাধাৰণ প্ৰশাসন বিভাগক নিৰ্দেশ দিয়ে।