৬ মে’ত গুৱাহাটী ক্ৰীড়া সন্থাৰ বাৰ্ষিক সাধাৰণ সভা: ৮ টা পদত অনুষ্ঠিত হ’ব নিৰ্বাচন

Guwahati Sports Assocition

অহা ৬ মে’ত বহু প্ৰত্যাশিত তথা সন্মানীয় গুৱাহাটী ক্ৰীড়া সন্থা (জি এছ এ)ৰ বাৰ্ষিক সাধাৰণ সভাখন অসম অলিম্পিক সন্থাৰ সভাগৃহত অনুষ্ঠিত হ’ব। এই সভাতে পৰৱৰ্তী দুবছৰৰ বাবে গঠন কৰা হ’ব জি এছ এৰ নতুন কাৰ্যনিৰ্বাহক সমতি।

ইফালে যোৱা ২৯ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে মনোনয়ন দাখিল প্ৰক্ৰিয়া। আৰু বৃহস্পতিবাৰে সন্ধিয়া ৬.৩০ বজাত মনোনয়ন প্ৰত্যাহাৰৰ সময় উকলি যায়।

জি এছ এৰ প্ৰাক্তন সম্পাদক পৰেশ চন্দ্ৰ দাসে জানিবলৈ দিয়া অনুসৰি সভাপতি পদৰ বাবে বৰ্তমানৰ সভাপতি মুনীন নবিছৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা আগবঢ়াইছে দিলীপ শংকৰ শইকীয়াই। সম্পাদক পদৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়াইছে এল হেমন্ত সিং, ধ্ৰুৱজ্যোতি কলিতা আৰু এ এইচ এম আলীয়ে।

আনহাতে উপ-সভাপতি পদৰ বাবে বৰ্তমানৰ সম্পাদক ভোলা বড়ো, মনজিৎ ভাগৱতী আৰু মছলেহউদ্দিন আহমেদে মনোনয়ন দাখিল কৰিছে। ক্ৰিকেট সম্পাদকৰ বাবে ৰঞ্জিৎ কুমাৰ শৰ্মাৰ বিৰুদ্ধে থিয় দিছে বাবুল চৌধুৰী। তাৰোপৰি হকী সম্পাদকৰ বাবে অৰূপজ্যোতি দাসৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতাত নামিছে মানস নন্দীয়ে।

উল্লেখ্য যে ৮ টা পদত নিৰ্বাচন অনুষ্ঠিত হ’লেও ইতিমধ্যে বিনা প্ৰতিদ্বণ্ডিতাৰে নিৰ্বাচিত হৈছে ক্ৰমে উপ-সভাপতি (অনুষ্ঠান) কাৰ্তিক ফুকন, যুটীয়া সম্পাদক প্ৰদীপ হাজৰিকা, সহঃ সম্পাদকদ্বয় দেৱাশিস বসু, কাজল পাল চৌধুৰী, কোষাধ্যক্ষ ছায়াৰাম বড়ো, ফুটবল সম্পাদক এল প্ৰণৱ সিং, বাস্কেটবল কামিনী শৰ্মা, টেবুল টেনিছ গীতাৰ্থ দাস, বেডমিণ্টন দীপক পাটোৱাৰি, ভলীবল অম্বা শইকীয়া পাটগিৰী আৰু এথলেটিকছ ধ্ৰুৱব্ৰত দাস।

মনকৰিবলগীয়া যে জি এছ এৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১০৩ টা। ইয়াৰে তিনিটা প্ৰতিষ্ঠানে কোনো প্ৰতিনিধি প্ৰেৰণ নকৰে। ফলত ভোটাৰৰ মুঠ সংখ্যা হৈ পৰিব ১০০ টা।