৭ আগষ্টত উচ্চতম ন্যায়ালয়ে গ্রহণ কৰিব এন আৰ চিৰ শুনানি

supreme-court

ভাৰতৰ উচ্চতম ন্যায়ালয়।

অহা ৭ আগষ্টত উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ শুনানি গ্ৰহণ কৰিব। এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে দেশৰ ৰাজনীতি উত্তপ্ত হৈ পৰাৰ সময়তে শনিবাৰে উচ্চতম ন্যায়ালয়ে অহা ৭ আগষ্টত এন আৰ চিৰ শুনানি গ্ৰহণৰ নতুন দিন ঘোষণা কৰিছে।

উল্লেখ্য যে যোৱা ৩১ জুলাইত ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ৰহিন্টন ফলি নাৰিমানৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠে এন আৰ চিৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি পৰৱৰ্তী শুনানি অহা ১৬ আগষ্টত গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিছিল। কিন্তু শনিবাৰে উচ্চতম ন্যায়ালয়ে অহা ৭ আগষ্টতে এন আৰ চিৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ’ব বুলি হঠাতে দিন ধাৰ্য কৰে।

এন আৰ চিৰ চূড়ান্ত খচৰাত ৪০ লাখ লোকৰ নাম বাদ পৰাৰ পাছতেই দেশৰ ৰাজনীতি উত্তপ্ত হৈ পৰাৰ লগতে বিভিন্ন পক্ষৰ পৰা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তৃণমূল কংগ্ৰেছে সংসদত বিষয়টো উত্থাপন কৰি বিগত কেইবাদিন ধৰি পৰিস্থিতি উত্তাল কৰি ৰাখিছে।

আনহাতে, বৰাকলৈ যোৱা তৃণমূল কংগ্ৰেছৰ দল এটাক অসম চৰকাৰে ঘূৰাই পঠোৱাৰ পাছতেই তৃণমূল কংগ্ৰেছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে পশ্চিম বংগত ৰুজু কৰিছে কেইবাটাও গোচৰ।

ইপিনে অসমতো পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে তৃণমূলৰ প্ৰতিনিধি দলটোৰ বিৰুদ্ধেও কেইবাটাও গোচৰ ৰুজু হৈছে।

অসমত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত মেঘালয়তো ইয়াকে লৈ সৃষ্টি হৈছে বহুতো অপ্ৰীতিকৰ ঘটনা। সেয়েহে অহা ৭ আগষ্টত অনুষ্ঠিত হ’বলগীয়া শুনানিত উচ্চতম ন্যায়ালয়ে কি ধৰণৰ নিৰ্দেশ দিয়ে সেয়া লক্ষ্যণীয় হৈ পৰিছে।