• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰেইলৱেই আন ২০ হাজাৰ চাকৰিৰ বাবে আৱেদন আহ্বান কৰাৰ সম্ভাৱনা আছে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2018 4:32 pm
railway
255
VIEWS
Share on FacebookShare on Twitter

৯০ হাজাৰ পদৰ বাবে আবেদন গ্ৰহণ কৰাৰ পিছত ৰেইলৱেই আৰু ২০ হাজাৰ পদৰ বাবে অচিৰেই পুনৰ নিযুক্তি মুকলি কৰাৰ সম্ভাৱনা আছে। এই খবৰ পোৱা গৈছে ৰেইলৱেই সূত্ৰৰ পৰা।

উল্লেখযোগ্য যে ৰেইলৱেই ইয়াৰ বৃহত্তম নিযুক্তি প্ৰক্ৰিয়াত ৯০ হাজাৰ যুৱক-যুৱতীক একে সময়তে চাকৰি দিয়াৰ বাবে ইতিমধ্যে অনলাইন আৱেদন গ্ৰহণ কৰিছে। যোৱা ৩১ মাৰ্চত ইয়াৰ বাবে আৱেদন গ্ৰহণ প্ৰক্ৰিয়াৰ অন্ত পৰিছে। জানিব পৰামতে প্ৰায় ২.৫ কোটি নিবনুৱাই আৱেদন কৰিছে ৯০ হাজাৰ পদৰ বিপৰীতে।

মন কৰিব লগীয়া যে ৰেইল দপ্তৰৰ ৰাজ্যিক পৰ্য্যায়ৰ মন্ত্ৰীজন হ’ল অসমৰ সাংসদ ৰাজেন গোহাঁই। কিন্তু অসমৰ ৰেইল মন্ত্ৰী হৈ অসমৰ তথা উত্তৰ-পূবৰ বাবে ৰেইল বিভাগৰ পৰা কিবা বিশেষ সুবিধা আনিব পাৰিছে নে নাই ৰেইল মন্ত্ৰীজনে? অথবা অলপতে নিযুক্তি দিবলৈ ওলোৱা ৯০ হাজাৰ পদৰ কিমানটা পদ উত্তৰ-পূব সীমান্ত ৰেইলৱেৰ ভাগত পৰিব? উত্তৰ-পূব সীমান্তৰ বাবে পৰা পদকেইটাৰ কিমানটাত নিযুক্তিৰ সুবিধা ল’ব পাৰিব অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক-যুৱতীয়ে। এই দুয়োটা কথাই গুৰুত্বপূৰ্ণ?

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে যোৱা বছৰৰ জুন মাহত ৰেইলৱেইত কমাৰ্চিয়েল এপ্ৰেনটিচ পদৰ বাবে নিৰ্বিচিত মালিগাওঁ ৰেইলৱেইৰ নিযুক্তি ব’ৰ্ডে প্ৰকাশ কৰা ৫১ জনীয়া তালিকাত এজনো থলুৱা প্ৰাৰ্থীৰ নাম নাছিল। তালিকাত নাম থকা অধিকাংশই আছিল উত্তৰ প্ৰদেশ আৰু বিহাৰৰ প্ৰাৰ্থী।

উক্ত ঘটনাৰ পিছতে ৰেইলৱেই ৰাজ্যৰ থলুৱা প্ৰাৰ্থীক বঞ্চনা কৰা বুলি সদৌ অসম ছাত্ৰ সন্থাকে ধৰি আন আন দল-সংগঠনে ক্ষোভ-প্ৰতিবাদ কৰিছিল। কেন্দ্ৰীয় ৰেইল ৰাজ্যিক মন্ত্ৰীজন অসমৰ হোৱাৰ পিছতো ৰেইল বিভাগত ৰাজ্যৰ প্ৰাৰ্থীক অন্যায়ভাৱে বঞ্চিত কৰাৰ আঁৰত ৰেইলমন্ত্ৰী ৰাজেন গোহাঁইৰ অকৰ্মাণ্যতা বুলি আছুৱে ধিক্কাৰ দিছিল।

আনহাতে ৰাজেন গোহাঁয়ে নিজৰ বিতৰ্কিত মন্তব্যত কৈছিল যে অসমৰ যুৱক-যুৱতীৰ যোগ্যতা নাথাকিলে চাকৰি জোৰ কৰি দিব নোৱাৰি। নিজৰ ব্যৰ্থতাক ঢাকিবলৈ পৰোক্ষে তেওঁক অসমৰ যুৱক-যুৱতীৰে যোগ্যতা নাই বুলি দাবী কৰা দেখা গ’ল।

উল্লেখযোগ্য যে ৰাজেন গোহাঁই চাৰিবাৰকৈ লোকসভাৰ সাংসদ নিৰ্বাচিত হৈছে। তাৰোপৰি তেওঁ যোৱা প্ৰায় দুবছৰ ধৰি ৰেইল দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী হৈ আছে। কিন্তু ৰাজ্যিক ৰেইল মন্ত্ৰীজনৰ পৰা অঞ্চলটোৰ ৰাইজে যি ধৰণে উপকৃত হ’ম বুলি ভাবিছিল সেই ধৰণে একো হোৱা দেখা নগ’ল।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd